হাগ্ৰামাৰ বৰ ঘৰত বিজেপিৰ সংবাদমেল, সাহস আছে যদি ভিচিডিচিৰ নিৰ্বাচন পাতক শক্তি দেখুৱাম

কোকৰাঝাৰঃ বিজেপি আৰু বিপিএফৰ বাক যুদ্ধ খনে যোৱা কিছুদিন ধৰি অসমৰ ৰাইজক বেচ আমোদ দি আহিছে৷ ৫ ঘন্টা পূৰ্বলৈ বাক যুদ্ধ খন বিটিএডিৰ বাহিৰত সংবাদ মাধ্যমত হে চলিছিল৷ এই বাক যুদ্ধৰ বৰ বৰ নেতাসকলে অংশ লৈ আহিছে৷ কিন্তু লাহে লাহে যেন এই যুদ্ধ খনে বিটিএডি অঞ্চল শিপাইছে৷ কিয়নো মঙলবাৰে শাসকীয় বিজেপিৰ বিটিএডিৰ চাৰিখন জিলাই হাগ্ৰামা মহিলাৰীৰ বৰঘৰত সংবাদ মেল অনুষ্ঠিত কৰি প্ৰত্যাহ্বান জনালে খোদ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰাকী৷

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মাজত অব্যাহত থকা মতবিৰোধে তুংগত উঠাৰ সময়তে মঙলবাৰে বিটিএডিৰ চাৰি জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰীৰ জিলাৰ বিজেপিৰ জিলা সভাপতিসকলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক উভতি ধৰে। উল্লেখ্য যে অনাগত নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মত প্ৰকাশৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে গৰজি উঠিছিল আৰু এয়া বিজেপি দলৰ মত নহয় বুলি দাবী কৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে আজি পুনৰ বিটিএডিৰ চাৰিখন জিলাৰ বিজেপিৰ চাৰি গৰাকী সভাপতি ক্ৰমে কোকৰাঝাৰৰ বিভূতি বৰগয়াৰী, চিৰাঙৰ বিপ্লৱ দেৱনাথ, বাক্সাৰ ৰাম দাহাল আৰু ওদালগুৰীৰ কাৰ্তিক বড়োৱে একত্ৰিতভাৱে কোকৰাঝাৰত এক সংবাদমেল অনুষ্ঠিত কৰি হাগ্ৰামা মহিলাৰীক উভতি ধৰে। বিটিএডিৰ চাৰি জিলাৰ সভাপতিসকলে মিত্ৰজোঁটৰ দল বুলিয়ে সদায় মিত্ৰজোঁট হৈ থাকিব লাগিব বুলি কোনো অৰ্থ নাই বুলি কয়।

বিটিএডিত কোন দলৰ ভেটি শক্তিশালী সেয়া সময়হে কব বুলি মন্তব্যৰে চাৰি জিলাৰ বিজেপি সভাপতিসকলে হাগ্ৰামা মহিলাৰীৰ যদি সাহস আছে তেন্তে ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি শক্তি পৰীক্ষা কৰি চাব পাৰে বুলি প্ৰত্যাহ্বান জনায়। অনাগত নিৰ্বাচনত বিজেপিয়ে নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ লক্ষ্যৰে এতিয়াৰ পৰাই দলগতভাৱে কাম কৰি আছে আৰু অনাগত নিৰ্বাচনত বিজেপি দলে বিটিএডিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবই বুলি দাবী কৰি হাগ্ৰামা মহিলাৰীলৈ এক প্ৰকাৰ মুকলি প্ৰত্যাহ্বান জনাইছে বিটিএডিৰ চাৰি জিলাৰ বিজেপি সভাপতিসকলে। এতিয়া হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া লক্ষণীয় হ’ব৷