পিপল পুখুৰীত ট্ৰাকৰ খুন্দাত যুৱকৰ মৃত্যু

লংকাঃ হোজাই জিলাৰ লংকাৰ পিপল পুখুৰীত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন যুৱকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিৰে গৈ থকা আব্দুল কাদিৰ নামৰ যুৱকজনৰ এখন তীব্ৰ বেগী ট্ৰাক খুন্দা মাৰে৷ ফলত যুৱকজন থিতাতে নিহত হয়। দুৰ্ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হোৱাত লংকা আৰক্ষী উপস্থিত হয়৷