
গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ ৰংজুলিত অবৈধ মদ ব্যৱসায়ীৰ বিৰুদ্ধে ৰাইজে চলালে অভিযান৷ গোৱালপাৰা জিলাৰ শিমলিতোলা বজাৰত একাংশ লোকে দেওবাৰে স্থানীয় ৰাইজে বজাৰ সমিতিৰ সদস্যৰ সহযোগত এখন গেলামাল দোকানত অবিযান চলাই৷ ৰাইজৰ অভিযানত দোকান খনত অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৰাইজ তথা বজাৰ সমিতিয়ে।
বৃহত পৰিমাণৰ অবৈধ সুৰাৰ বজাৰ মূল্য ৩০,০০০ টকা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে বজাৰ সমিতিয়ে জব্দ কৰা এই সুৰা খিনি শিমলীতোলা আৰক্ষী চকীত জমা দিয়ে ৰাইজে। বিগত কেইবছৰ মানৰ পৰা এই অঞ্চলত একাংশ লোকে চুলাই মদকে ধৰি অবৈধ সুৰা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আছিল৷
শিমলিতোলা আৰক্ষী চকীৰ অভিযানত শিমলিতোলাত চুলাই মদৰ ঘাটি উৎখাত কৰা হৈছিল। অঞ্চলত চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ সময়তে শিমলিতোলা বজাৰ সমিতিয়ে আগন্তুক দিনত কোনো দোকানীয়ে অবৈধ মদ ব্যৱসায়ত লিপ্ত হোৱা বুলি প্ৰমাণ হলে কঠোৰ ব্যৱস্থা লোৱাৰ ভাবুকি প্ৰদান কৰে।