ৰঙিয়াত ৰাস চালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

তুলসীবাৰীঃ ৰঙিয়া চহৰৰ সমীপৰ তৰণীত মঙলবাৰে ৰাজ্যৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ ৰাস উৎসৱ উপভোগ কৰে৷ শৰতকালৰ বিতোপন ৰাতি তৰণীত পালন কৰি অহা শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱে সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে৷ ন’ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ অহা ৰাস মহোৎসৱ নিশা মন্ত্ৰীগৰাকী উপস্থিত হৈ সমবেত ভক্তপ্ৰান ৰাইজক উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত গঠিত চৰকাৰ খনৰ উন্নয়ন পৰিবৰ্তনৰ সপোন বাস্তৱ কৰাত এনে সম্প্ৰীতিৰ নিদৰ্শন যঠেষ্ট আশাব্যঞ্জক বুলি কয়৷

ৰাস মহোৎসৱত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাও উপস্থিত থাকি ভাষণ প্ৰসংগত ৰাস সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়৷ ৮৩ সংখ্যক বৰ্ষত পদাৰ্পন কৰা তৰণী বাৰোৱাৰী ৰাস মহোৎসৱে ইতিহাস প্ৰসিদ্ধ উত্তৰ ৰঙিয়াৰ অন্যতম আগশাৰীৰ ধৰ্মীয় উৎসৱ ৰূপে চিনাকী দিব পৰাতো নি সন্দেহে গৌৰৱৰ বিষয় ৰূপে অভিহিত কৰে সাংসদ ডেকাই৷

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থকা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ সৰ্বাংগীন বিকাশৰ বাবে অভিলেখ সংখ্যক পূজি আৱণ্টন পোৱা বুলি উল্লেখ কৰি বিভাগীয় মন্ত্ৰী গৰাকীক ৰঙিয়াত উপস্থিত হোৱাত কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইপ্সিত উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাধা কৃষ্ণৰ আশিষ কামনা কৰাৰ লগতে ৰঙিয়াবাসীৰ সহযোগিতাও কামনা কৰে বিধায়কগৰাকীয়ে৷

সমিতিৰ হৈ সাংসদ ডেকা তথা মন্ত্ৰী শুক্লবৈদ্যক ফুলাম গামোচা, চেলেং আৰু শৰাইৰে আদৰণী জনাই উদ্যোক্তা সমিতিৰ বিত্ত সম্পাদক লিটন কলিতা আৰু সাধাৰণ সম্পাদক প্ৰানেশ্বৰ ডেকাই৷ ৰঙিয়াৰ মহকুমাধিপতি মুণীন্দ্ৰ বৰদলৈকে ধৰি অইন কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ৰাস মহোৎসৱৰ আজি পঞ্চম দিনাও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত অগণন ভক্তৰ সমাবেশেৰে স্বাভাবিকতে উদুলি মুদুলি হৈ পৰিছে হৰিমন্দিৰ ক্ষেত্ৰ৷