
গুৱাহাটীঃ অসম আৰক্ষীয়ে যোৱা ২০ ঘন্টাত জালত পেলালে ১২গৰাকী ACS-APS বিষয়াক৷ ডিব্ৰুগড় জিলা আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বহীৰ হস্তাক্ষৰৰ ফৰেনছিক প্ৰতিবেদন লাভ কৰাৰ পিছতে সক্ৰিয় হৈ পৰে৷
ইতিমধ্যে আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী, হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিত্ বৰা, লখিমপুৰৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়, এপিবিএনৰ উপ-কমাণ্ডেণ্ট ছাব্বিৰ ইমৰান-জয়ন্ত কুমাৰ নাথ, এপিএছ হৰ্ষ বৰা, যোৰহাটত আৰক্ষী হিচাপে কৰ্মৰত হেমন্ত শইকীয়া, এচিএছ সুদীপ্তা গোস্বামী, কৰিমগঞ্জত এগৰাকী বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সুদীপ্তা ভট্টাচাৰ্য, ACS অমৰজিত্ দাস, দীপক খনিকৰ, ACS চাবিৰ ইমৰান, পল্লৱী শৰ্মা সহিতে ১২গৰাকী ACS-APSক আটক কৰিবলৈ সক্ষম হয়৷
আনহাতে প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী নিলমনি সেন ডেকাৰ পুত্ৰ তথা সীমান্ত শাখাৰ ডিএছপি ৰাজৰ্ষি সেন ডেকা সহিতে ACS কমল দেৱনাথ, গীতালি দলেই অভিযানৰ উমান লাভ কৰি আত্মগোপন কৰে৷ ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰি নতুন মোৰ লোৱা পৰিলক্ষিত হয়৷ মঙলবাৰে নিশাসমগ্ৰ অসমত অসম আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন বিভাগত কাৰ্যনিৰ্বাহ কৰি থকা ১২গৰাকী ACS-APSক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ এটি দলে এই অভিযানৰ নেতৃত্ব লয়৷ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল চক্ৰ বিষয়া পল্লৱিকাৰ বিৰুদ্ধে৷ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে অভিযুক্ত হৈ বৰ্তমান ৰঙাঘৰৰ আলহী হ’ব লগা হয়।
তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰে লাখ লাখ টকা লৈ চাকৰি দিয়াৰ মুকলি অভিযোগ উত্থাপন হয়। জেলৰ ভাত খোৱা ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে হতে লাখ লাখ টকা লৈ আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ কেলেংকাৰী সংঘটিত কৰিছিল৷ তাৰ পিছতে বিজেপি চৰকাৰে সক্ৰিয় হৈ পৰিছিল এই কেলেংকাৰীৰ বিৰুদ্ধে৷ উত্তৰ বহীৰ তদন্ত কৰাৰ লগতে উত্তৰ বহী ফৰেনছিক পৰীক্ষা কৰে তদন্তকাৰী সংস্থাই৷
তাৰ মাজতে ২৫গৰাকী ACS-APS-এ এনেদেৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ তাৰ মাজতে মঙলবাৰে নিশা সমগ্ৰ অসমত ডিব্ৰুগড় আৰক্ষী আৰু বিশেষ শাখাৰ এটি দলে ১২গৰাকী ACS-APSক আটক কৰি গুৱাহাটীৰ এছবিৰ কাৰ্যালয়লৈ আনি জেৰা অব্যাহত ৰাখিছে৷ বুধবাৰে তেওলোকক আদালতত হাজিৰ কৰিব৷ শেহতীয়া ভাবো ২৫ জনকৈ ACS-APS বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অভিযোগ উঠিছে।