
ধিংঃ নগাঁও জিলাৰ বিভিন্ন ঠাইত কেইবাখনো ৰাস মহোৎসৱ অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে৷ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱত সন্ধিয়াৰ পৰাই ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷ উজনি-নামনিত ৰাস মহোৎসৱক লৈ এতিয়া উখল মাখল পৰিবেশ৷ ফৰিং ফুটা ৰূপালী জোনাকত বৃন্দাবনত শ্ৰী কৃষ্ণই কৰা ৰাস ক্ৰীড়াৰ দৰেই যেন ৰাজ্য খনত পুনৰা বৃত্তি ঘটিছে৷
নগাঁও জিলাৰ ৰাইডঙীয়াৰ মাধৱ মন্দিৰ ৰাসথলীত ব্যাপক উলাহ-মালহেৰে ৰাস উৎসৱ পালন কৰি থকা দেখা গৈছে৷ শৰত কালৰ স্নিগ্ধ জোনাকত কৃষ্ণই গোপীসকলৰ সৈতে ক্ৰীড়াৰ দৰেই ৰাসক্ৰীড়াৰ অপূৰ্ব সমাহাৰ দেখা গৈছে ৰাইডঙীয়াত৷
শ্ৰী কৃষ্ণ সাৰ্বজনীন ৰাস উদযাপন সমিতিয়ে দুদিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱত প্ৰথম দিনাৰ কাৰ্যসূচীত সহস্ৰাধিক ৰাইজে শ্ৰী কৃষ্ণৰ ৰাস লীলা উপভোগ কৰা পৰিলক্ষিত হয়৷ অঞ্চলটোৰ মহিলা আৰু জীয়ৰী, বোৱাৰীয়ে। ষোড়শ গোপীৰ সৈতে কৰা ৰাসক্ৰীড়াই যেন দ্বিতীয় মথুৰা বৃন্দাবনত পৰিণত হ’ল ৰাইডঙীয়াৰ মাধৱ মন্দিৰৰ ৰাসথলী৷