ধুবুৰীতো কংগ্ৰেছ দলে পালন কৰিলে ক’লা দিৱস

ধুবুৰীঃ  বিমুদ্ৰাকৰণৰ এবছৰীয়া বৰ্ষপূৰ্তিত দেশৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছে ক’লা দিৱস উদযাপন কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিধ্বংসী বিমুদ্ৰাকৰণ নীতিয়ে দেশৰ অৰ্থনীতি থানবান কৰাৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো কেইবাঠাইত বুধবাৰে ক’লা দিৱস পালন কৰা দেখা যায়।

ধুবুৰীতো কংগ্ৰেছ সমিতিৰ উদ্যোগত কংগ্ৰেছ দলৰ নেতা -কৰ্মীয়ে বুধবাৰে ‘ক'লা দিৱস’ পালন কৰে। যোৱা বছৰৰ ৮ নবেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটল ভাৰত গঢ়াৰ উদ্দেশ্যে নোট বন্দী কৰিছিল। কিন্তু কলা ধন সংগ্ৰহৰ বাবে কৰা নোট বন্দী ব্যৱস্থাই দেশৰ অৰ্থনীতি থানবান কৰি পেলায়৷

সেই কলা দিৱসৰ পালনৰ বাবে জিলা খনৰ বিভিন্ন এলেকাৰ কংগ্ৰেছ কৰ্মী সকলোৱে ক'লা বেজ পৰিধান কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়। উক্ত সমদলত ধুবুৰী জিলা কংগ্ৰেছ সমিতিৰ সভাপতিৰ লগতে প্ৰদেশ কংগ্ৰেছ সমিতিৰ নেতা, প্ৰাক্তন সাংসদ, বিধায়ক, জিলা কংগ্ৰেছ সমিতিৰ নেতা, ব্লক, মহিলা কংগ্ৰেছৰ সভানেত্ৰী, যুৱ কংগ্ৰেছ, এন.এচ.ইউ.আইৰ নেতা-কৰ্মী সকলৰ লগতে বহু ৰাইজে এই সমদলত যোগদান কৰে।