ধান খেতি নহয় অসমত ভাঙৰ খেতি

গৰৈমাৰিঃ ধান খেতি নহয় ভাং খেতি কৰিছে একাংশ লোকে৷ অসমৰ মুলকেৰে এটুকুৰা ঠাইত যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ ভাং খেতি কৰিছে একাংশ লোকে৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰাত গোপনে ভাঙৰ খেতি কৰি টকা উপাৰ্জন কৰি আহিছে একাংশ লোকে৷ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত বিহাপাৰাত একাংশ লোকে নিজ ঘৰৰ চোতালৰ পৰা আৰম্ভ কৰি পথাৰত ভাং খেতি কৰি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

গৰৈমাৰী আৰু জোৰশীমুলী আৰক্ষী চকীৰ এলেকাত একাংশ স্বাৰ্থপৰ লোকে চোতালত আৰু বাৰীত বৃহৎ পৰিমানৰ ভাং খেতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ভাং খেতিৰ কৰি দিনে-নিশাই ভাঙৰ নিচাত ডুবি থাকি পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাং খাই মাতাল হৈ গান বাজনা কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লিখা পঢ়া কৰাত যঠেষ্ট অসুবিধাৰ সৃষ্টি কৰাৰ লগতে এনে কাৰ্য বন্ধ কৰাৰ কথা কলে স্থানীয় ৰাইজক ভাবুকি প্ৰদান কৰে বুলি কয় ৰাইজে।

ইতিমধ্য বিহাপাৰাৰ ৰাইজে অবৈধ ভাং খেতি কৰা লোকসকলৰ বিৰুদ্ধে গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ বৃহত্তৰ গৰৈমাৰী আৰু সোনতলী অঞ্চলত বিগত বৰ্ষত দক্ষিণ কামৰূপ জিলা প্ৰশাসনে অভিযান চলাই প্ৰায় ডেৰ কৌটি টকা মূল্যৰ ভাং খেতি কাটি জ্বলাই ধ্বংস কৰিছিল। চলিত বৰ্ষত পুনৰ একাংশ গাঞ্জা খেতিয়কে গাঞ্জা খেতিত কৰাত ব্যস্ত হৈ পৰা দেখা গৈছে৷