
নলবাৰীঃ সমাজ খনক ভাগ ভাগ কৰাৰ তথা সমাজৰ ক্ষতি কৰিবৰ বাবে একাংশ লোকে ছচিয়েল মিডিয়াক ব্যৱহাৰ কৰা দেখা যায়৷ হিন্দু-মুছলমান তথা ধৰ্মৰ কথা কবলৈ একাংশ লোকে ফেচবুক-টইটুৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজতে ঐতিহ্যমণ্ডিত ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ ৰাস মহোৎসৱ নলবাৰী ৰাসক লৈ একাংশ লোকে অপপ্ৰচাৰ কৰা দেখা যায়৷
নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত চলি থকা তেৰদিনীয়া ৰাস মহোৎসৱৰ বুধবাৰে ৬ষ্ঠ দিনাও লোকে লোকাৰণ্য হৈ পৰে৷ এটা দূষ্ট চক্ৰই ৰাসত ব্যাঘাট ঘটোৱাৰ লক্ষ্যৰে অপপ্ৰচাৰ চলোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷ মনোৰঞ্জন মেলাৰ "মৌত কা কুৱা"ত বাইক-কাৰ ষ্টাণ্ড প্ৰদৰ্শনীত এগৰাকী যুৱতী হঠাৎ কুঁৱাত পৰি গুৰুতৰ ভাবে আহত হোৱা বুলি এটি ভিডিঅ’ প্ৰচাৰ কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে ৷
পিছত আঘাট প্ৰাপ্ত যুবতীগৰাকীক তাৰ পৰা ততাতৈয়াকৈ কুঁৱাৰ পৰা উলিয়াই নিয়ে৷ এনেকুৱা এটা ভিডিঅ ছ'ছিয়েল মিডিয়াত যোৱা দুদিন ধৰি ভাইৰেল হৈ পৰে৷ জানিব পৰা মতে, ইতিমধ্যে তেনেকুৱা ঘটনা নলবাৰী ৰাস মহোৎসৱত সংঘটিত হোৱা নাই বুলি স্পষ্ট হৈ পৰে৷ বিভিন্নজনে সমগ্ৰ ঘটনাটোৰ সত্যতা নিৰ্নয় কৰাৰ বাবে খা-খবৰ কৰে ৷ নলবাৰী ৰাসত তেনে কোনো ঘটনা ঘটা নাই এয়া সম্পূৰ্ণ ভুৱা প্ৰচাৰ৷ ৰাস উদযাপন সমিতিযে জানিব দিয়া মতে, ৰাস মহোৎসৱত বিঘিনি ঘটোৱাৰ অপচেষ্টা চলাই কোনো দুষ্ট চক্ৰই৷ ইফালে স্থানীয় বিধায়ক তথা ৰাস সমিতিৰ সভাপতি অশোক শৰ্মাই নলবাৰী আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়৷