বহুতো যানবাহন পাৰ হৈ থকা-সৰকা কৰিলে মৃতদেহ

ৰঙিয়াঃ  পলিথিনত বন্ধা অৱস্থাত এটি মৃতদেহ ঘন্টা ধৰি পৰি ৰৈছিল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত৷ আন্ধাৰ পোহৰৰ মাজত কোনেও সঠিককৈ ধৰিব নোৱাৰি মৃতদেহটোৰ ওপৰেৰে পাৰ কৰায় নিয়ে গাড়ী৷ থকা সৰকা হৈ পৰে মৃতদেহটো৷

এই হৃদয় বিদাৰক ঘটনাটো ঘটে অসমতেই৷ ৰঙিয়া চহৰৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাওঁত বৃহস্পতি বাৰে পুৱতিনিশা এটা মৃতদেহ উদ্ধাৰ কৰা হয়। কলা ৰঙৰ হাফ চাৰ্ট আৰু কলা ৰঙৰ লংপেন্ট পৰিহিত প্ৰায় ৩৮ বছৰীয়া যুৱক জনক কোনো লোকে মাৰি পেলাই থৈ যোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

ইফালে মৃত যুৱক জনৰ ওপৰৰে কেইবাখনো বাহন পাৰহৈ যোৱাত চিনাক্ত কৰণৰ ক্ষেত্রত অসুবিধাৰ সৃষ্টি হৈছে মৃতদেহটো। ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো থানালৈ আনি মৰোনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।