ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, চুক্তি ৰাজহুৱা কৰাৰ দাবীত আমগুৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

আমগুৰিঃ  অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰ আৰু নগা বিদ্ৰোহৰ মাজত ইতিমধ্যে সম্পাদিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত বুধবাৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে আমগুৰিৰ অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

হালোৱাটিং বজাৰৰ মাজেৰে ৬১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰ আৰু লোচন শ্যাম গোহাঁইৰ নেতৃত্বত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই সংগঠনটোৱে। এই সমদলত সীমান্তবাসী সহস্ৰাধিক লোক আৰু চাহ বাগিচাৰ বাসিন্দাই অংশগ্ৰহণ কৰে ।

বিতৰ্কিত চুক্তিখনৰ সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ সাংসদসকলৰ নিৰৱ ভূমিকাকো কটাক্ষ কৰি সোনকালে এই সীমা বিবাদৰ সমাধান কৰি ভাতৃঘাতী সংঘৰ্ষ সৃষ্টিৰ কৰাৰ পৰা বিৰত থাকিবলৈ দাবী জনায় সংগঠনটোৱে৷