
গুৱাহাটীঃ লাখ লাখ টকা দি চাকৰি লোৱা ১৭ গৰাকী ৰাজপত্ৰিত বিষয়াক ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ইতিমধ্যে জালত পেলাবলৈ সক্ষম হৈছে যদিও ৰাজনৈতিক প্ৰভাৱশলী তিনিগৰাকী বিষয়াক এতিয়ালৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছ নেতা নীলমনি সেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকা, কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ আত্মীয় সুনয়না আইদৈউ আৰু গীতালি দলেক এতিয়ালৈ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হোৱা নাই৷
তাৰ মাজতে অভিযানৰ উমান পায় আত্মগোপন কৰা ধেমাজিৰ ৰাজহ চক্ৰ বিষয়া কমল দেৱনাথে খোদ কাহিলীপাৰালৈ আহি আত্মসমাৰ্পণ কৰে৷ যোৱা মঙলবাৰৰ নিশাৰ পৰা ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই আগমনিৰ চক্ৰ বিষয়া হিমাংশু চৌধুৰী, হামৰেনৰ নিৰ্বাচনী বিষয়া দেৱজিত্ বৰা, লখিমপুৰৰ চক্ৰ বিষয়া অনিৰুদ্ধ ৰয়, এপিবিএনৰ উপ-কমাণ্ডেণ্ট ছাব্বিৰ ইমৰান-জয়ন্ত কুমাৰ নাথ, এপিএছ হৰ্ষজ্যোতি বৰা, যোৰহাটত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হেমন্ত শইকীয়া, এচিএছ সুদীপ্তা গোস্বামী, কৰিমগঞ্জত এগৰাকী বিষয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সুদীপ্তা ভট্টাচাৰ্য, ACS অমৰজিত্ দাস, দীপক খনিকৰ, পল্লৱী শৰ্মা, APS দিলীপ কলিতা, ৰাজু চাহা, APS যতীন্দ্ৰ কুমাৰ বৰুৱা, কুণাল দাস, দৈথুন বৰগয়াৰী আৰু শেহতীয়াকৈ কমল দেৱনাথ সহিতে ১৭গৰাকী ACS-APSক আটক কৰিবলৈ সক্ষম হয়৷
কিন্তু আৰক্ষীৰ অভিযানৰ উমান লাভ কৰি তিনি প্ৰভাৱশলী বিষয়া তথা ৰাজনৈতিক প্ৰভাৱ থকা গীতালি দলে, ৰাজৰ্ষি ডেকা আৰু সুনয়না আইদেউ পলায়ণ কৰে৷ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই তিনিও জনক৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সাহসী পদক্ষেপ গ্ৰহণ কৰি এই সকল বিষয়াক গ্ৰেপ্তাৰ কৰে যদিও তিনি বিষয়াক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোৱে চৰ্চা হ’বলৈ ধৰিছে৷ ১৭ গৰাকী ACS-APSক ধৰা পৰিল যদিও তনি বিষয়া সুনয়না-গীতালি-ৰাজৰ্ষি ক’ত হেৰাল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷
প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী নিলমনি সেন ডেকাৰ পুত্ৰ তথা সীমান্ত শাখাৰ ডিএছপি ৰাজৰ্ষি সেন ডেকা সহিতে ACS কমল দেৱনাথ, গীতালি দলে, সুনয়না আইদেউ অভিযানৰ উমান লাভ কৰি আত্মগোপন কৰিছিল যদিও পিছত কমল দেৱনাথে আত্মসমাৰ্পণ কৰে৷ ৰাজ্য কপোৱা অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰি নতুন মোৰ লোৱাত তথা অসম চৰকাৰৰ এনে পদক্ষেপক শলাগ লয় ৰাজ্যবাসীয়ে৷ মঙলবাৰৰ নিশাৰে পৰা সমগ্ৰ অসমত অসম আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাৱোৰ পিছতে ধুমুহাৰ সৃষ্টি হৈছিল ৰাজ্যত৷
ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন বিভাগত কাৰ্যনিৰ্বাহ কৰি থকা ১৭গৰাকী ACS-APSক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ জানিব পৰা মতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ এটি দলে এই অভিযানৰ নেতৃত্ব লয়৷ অসম লোকসেৱা আয়োগৰ বহু বিতৰ্কিত তথা চাকৰি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সময়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উত্থাপন হৈছিল এই সকল বিষয়াৰ বিৰুদ্ধে৷ অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে অভিযুক্ত হৈ ৰঙাঘৰৰ আলহী হ’ব লগা হয়। তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰে লাখ লাখ টকা লৈ চাকৰি দিয়াৰ মুকলি অভিযোগ।
জেলৰ ভাত খোৱা ৰাকেশ পাল আৰু সদস্যদ্বয় ড০ ছামেদুৰ ৰহমান, বসন্ত দলে হতে লাখ লাখ টকা লৈ আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ কেলেংকাৰী সংঘটিত কৰিছিল৷ তাৰ পিছতে বিজেপি চৰকাৰে সক্ৰিয় হৈ পৰিছিল এই কেলেংকাৰীৰ বিৰুদ্ধে৷ উত্তৰ বহীৰ তদন্ত কৰাৰ লগতে উত্তৰ বহী ফৰেনছিক পৰীক্ষা কৰে তদন্তকাৰী সংস্থাই৷ ডিব্ৰুগড় জিলা আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বহীৰ হস্তাক্ষৰৰ ফৰেনছিক প্ৰতিবেদন লাভ কৰাৰ পিছতে সক্ৰিয় হৈ পৰে৷
তাৰ মাজতে ২৫গৰাকী ACS-APS-এ এনেদেৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷ মঙলবাৰে নিশা সমগ্ৰ অসমত ডিব্ৰুগড় আৰক্ষী আৰু বিশেষ শাখাৰ এটি দলে ১৭গৰাকী ACS-APSক আটক কৰি গুৱাহাটীৰ কাহিলীপাৰাৰ এছবিৰ কাৰ্যালয়লৈ আনে৷ বুধবাৰে তেওলোকক আদালতত হাজিৰ কৰোৱাত আদালতে তেওলোকক ১৪ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ শেহতীয়া ভাবো ২৫ জনকৈ ACS-APS বিষয়াৰ বিৰুদ্ধে জালিয়াতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ একপ্ৰকাৰ প্ৰমাণ হয়৷