থলুৱা দত্ত উপাধীৰ লোকক বিদেশী বুলি হাৰাশাস্তি, তেজপুৰত চাঞ্চল্য

তেজপুৰঃ বিদেশী তথা এআৰচি বিষয়ত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত তেজপুৰৰ এগৰাকী প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰাৰ অভিোগ উত্থাপন হৈছে। শোণিতপুৰ জিলাৰ হেলেম চাহ বাগিচাত জন্ম গ্ৰহণ কৰি তেজপুৰৰ বিভিন্ন-বিদ্যালয় মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি  সেনা বাহিনীত যোগদান কৰিছিল দিলীপ কুমাৰ দত্তই৷  ১৯৯৩ সেনাৰ চুবেদাৰ মেজৰ হিচাপে অৱসৰ গ্ৰহণ কৰে দত্তই।

পৰিতাপৰ বিষয় এই যে, ২০১৭ চনৰ মাৰ্চ মাহত বিদেশী ন্যায়াধিকৰণৰ শোণিতপুৰ কাৰ্যালয়ে এফ টি টি/৪/জি পি আৰ নম্বৰৰ জাননী যোগে দিলীপ দত্তৰ লগতে তেওঁৰ পুত্ৰ প্ৰসেনজিৎ দত্ত আৰু পত্নী প্ৰতিভা দত্তৰ নামত অবৈধ নাগৰিক সজাই কাৰণ দৰ্শোৱা জাননী জাৰী কৰে৷ যাৰ ফলত তেজপুৰ আদালতৰ দ্বাৰস্থ হয় লোকজনে।

তেজপুৰ আদালতে অৱসৰপ্ৰাপ্ত সেনাৰ চুবেদাৰ মেজৰ আৰু তেওঁৰ পৰিয়ালৰ আবেদনক গুৰুত্ব সহকাৰে লৈ শুনানী গ্ৰহণ কৰি বৃহস্পতি বাৰে অৱসৰপ্ৰাপ্ত সেনা বিষয়া জনক বৈধ নাগৰিক হিচাপে ৰায় প্ৰদান কৰে। এনে দৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰা বিষয়টোৰ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত বিষয়া দিলীপ দত্তই মানহানি গোচৰ তৰিব বুলি জানিবলৈ দিয়ে।