
মোৰাঝাৰঃ হোজাই জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস পালনৰ প্ৰস্তুতি চলিছে থকা পৰিলক্ষিত হৈছে৷ শিশু দিৱস উপলক্ষে ১৪ নৱেম্বৰত হোজাইৰ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজত অনুষ্ঠিত কৰা হ’ব ৰচনা প্ৰতিযোগিতা। হোজাই জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব ৰচনা প্ৰতিযোগিতাত।
গ্ৰুপ-A শাখাত নৱম, দশম শ্ৰেণী আৰু গ্ৰুপ-B শাখাত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। "জৱাহৰলাল নেহেৰু আৰু শিশু চেনেহ" অথবা "বৰ্তমান সময়ত শিশু প্ৰেম আৰু শিশু শ্ৰমিক" বিষয় সন্দৰ্ভত ৰচনা লিখিব পাৰিব৷ ৯৬৭৮০১৫০১৬ নম্বৰত যোগাযোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক অনুৰোধ জনাইছে গাইডেন্স জুনিয়ৰ কলেজ কৰ্তৃপক্ষই৷