NRC, ন্যায়ালয়ৰ পদক্ষেপত আশাবাদী জমিয়ত, ৩.২১ কোটি আবেদনৰ ১.২১ কোটি হোৱা নাই পৰীক্ষণ

গুৱাহাটীঃ অসমীয়া জাতিক অবৈধ বিদেশীৰ কবলৰ পৰা মুক্ত কৰিবলৈ এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰাৰ দাবীত ৰাজ্যৰ দল-সংগঠন বছৰ বছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ প্ৰায় তিনিটা দশক ৰাজ পথ উত্তাল কৰাৰ অন্তত কংগ্ৰেছ দলে বহু জল্পনা-কল্পনাৰ অন্তত কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম আৰম্ভ কৰিছিল যদিও আজিলৈ সম্পূৰ্ণ নহল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম৷

একাংশ লোকৰ অৱহেলাৰ বাবে তথা সংগঠনৰ বাবে NRC সম্পূৰ্ণ কৰাত আউল লগা বুলি সময়ে সময়ে প্ৰচাৰ হৈ আহিছে যদিও চৰকাৰৰ সদিচ্ছাক লৈয়ো প্ৰশ্ন উত্থাপন হ’ব ধৰিছে৷ কিয়নো বৃহস্পতিবাৰে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়লয়ে কেন্দ্ৰ-ৰাজ্য চৰকাৰক NRC কাম সন্দৰ্ভত তীব্ৰ সমালোচনা কৰা বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, বৃস্পতিবাৰে NRC সন্দৰ্ভত উচ্চতম ন্যায়লয়ে শুনানি গ্ৰহণ কৰে৷ বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে শুনানি গ্ৰহণ কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷

কিয়নো NRCৰ খছৰা প্ৰকাশৰ দিন আছিল ৩১ ডিচেম্বৰ৷ ইতিমধ্যে বিভিন্ন দল-সংগঠনে উৎসুক হৈ পৰিছিল NRCৰ খচৰাক লৈ৷ দীৰ্ঘদিনীয়া এটি সমস্যা সমাধানৰ দিশে আগবঢ়াৰ লগতে ৩১ ডিচেম্বৰ ইতিহাসৰ এটি গৌৰৱময় দিন হিচাপে পৰিগণিত হ’ব বুলি সকলোৱে বাট চাইছিল ৩১ ডিচেম্বৰৰ দিনটোলৈ৷ কিন্তু NRCৰ লাখ লাখ নথি-পত্ৰ পৰীক্ষণ আজিও কৰিবলৈ বাকী থকাত ৩১ ডিচেম্বৰত খচৰা প্ৰকাশ নকৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে৷  কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবে ৩১ ডিচেম্বৰত NRCৰ খচৰা নোলাবও পাৰে নতুবা আশা ক্ষীণ বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত অসম পাব্লিক ৱৰ্ক নাম সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত তৰা গোচৰৰ শুনানিঅনুষ্ঠিত হয়৷

বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নাৰিমনে শুকুৰবাৰে OI আৰু পঞ্চায়ত প্ৰমান পত্ৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব৷ বুধবাৰে অনুষ্ঠিত শুনানিত অসম ৰাজ্যিক জমিয়ত উলামাৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৰ্লাপল্লে, অধিবক্তা ইজাজ মকবুল আৰু অধিবক্তা এ এচ তপাদাৰ উপস্থিত আছিল৷ আদালতে NRC ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা NRCৰ কামৰ অগ্ৰগতি সম্পৰ্কে জানিব বিছৰাত ৩.২১ কোটিৰ আবেদনৰ ভিতৰত কেৱল দুই কোটিৰহে পৰীক্ষণ কৰা বুলি জনায়৷ ২.২১ কোটি নথি পত্ৰ এতিয়াও পৰীক্ষণ কৰিবলৈ বাকী আছে বুলি কয় হাজেলাই৷

ইয়াৰ পিছতে ক্ষোভ ব্যক্ত কৰে৷ NRCৰ কাম দ্ৰুত হোৱা নাই আৰু ১ কোটি ২১ লাখ লোকক এৰি NRCৰ খচৰা ৩১ ডিচেম্বৰত প্ৰকাশ কৰা অসম্ভৱ বুলি মন্তব্য কৰে আদালতে৷ তীব্ৰ অসন্তোষ ব্যক্ত কৰে  বিচাৰপীঠ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনে৷ আনহাতে শুনানিৰ পিছতে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি এখন শুদ্ধ এন আৰচি বিছাৰে বুলি কয়৷ জমিয়ত উলেমাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে কোনো এজন বিদেশীৰ নাম মুক্ত আৰু কোনো এজন স্বদেশীৰ নাম বাদ নপৰাকৈ শুদ্ধ আৰু সঠিক NRC এখন প্ৰকাশ হোৱাটো জমিয়তে বিচাৰে বুলি কয়৷ অসম ৰাজ্যিক জমিয়ত এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপৰ ওপৰত সম্পূৰ্ণ আশাবাদী৷