
কোকৰাঝাৰঃ কোকৰাঝাৰৰ ছালাকাটিত যোৱা ২৬ অক্টোবৰত এবিএমছুৰ ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ সময়ত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে হোৱা সংঘাতৰ পিছত আৰক্ষীয়ে আটক কৰা এবিএমছুৰ ১১ গৰাকীকৈ সদস্যই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে। উল্লেখ্য যে যোৱা ২৬ অক্টোবৰত অৱৰোধথলীৰ পৰা আৰক্ষীয়ে প্ৰথম অৱস্থাত এবিএমছুৰ ৪৪গৰাকীকৈ কৰ্মী-সদস্যক আটক কৰি কোকৰাঝাৰ সদৰ থানাত আৱদ্ধ কৰি ৰাখিছিল যদিও ইয়াৰে ৩৩গৰাকী সদস্যক সিদিনা নিশাই মোকলাই দিছিল৷
আবেদ আলি (৩৪), সাইজুদ্দিন আলি(২৫), জহিৰুল ইছলাম (২৮), মোহৰ আলি(২৭), আব্দুল মোতালেৱ (২১), ছামিদুল মণ্ডল (২১), সাহজাহান আলি(৩৫), ৰফিকুল হক (২৬), ৰহিম পৰামানিক (৩০), ৰুস্তম আলি (৩৪) আৰু মেহেৰ আলি(২১) সহ ১১গৰাকীকৈ এবিএমছুৰ সদস্যৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা গোচৰ নং ৬৫৯/১৭ মৰ্মে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ কোকৰাঝাৰ জিলা কাৰাগাৰত আৱদ্ধ হৈ থকা এবিএমছুৰ ১১গৰাকী সদস্যই বৃহস্পতিবাৰে জাামিনত মুকলি হোৱাত এবিএমছুৰ সদস্যৰ মাজত আনন্দৰ বন্যা বৈছে।
প্ৰণিধানযোগ্য যে যোৱা ২৬ অক্টোবৰত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড তিনিমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰী কৰায়ত্ব নোহোৱা তথা আৰক্ষীয়ে হত্যাকাৰীৰ পৰিচয় ৰাজহুৱা নকৰাৰ প্ৰতিবাদত এবিএমছুৰ উদ্যোগত সহস্ৰাধিক সংখ্যালঘু জনতাই কোকৰাঝাৰ জিলাৰ ছালাকাটি ৰেলৱে ষ্টেচনত ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই নিৰাপত্তাবাহিনীয়ে প্ৰথমে লাঠীচালনা কৰাত পৰিস্থিতি অধিক উত্তেজনাময় হৈ পৰে আৰু প্ৰতিবাদকাৰীসকল ওলোটাই নিৰাপত্তাবাহিনীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ আৰম্ভ কৰিছিল৷
পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত বাধ্য হৈ নিৰাপত্তাবাহিনীয়ে প্ৰতিবাদকাৰীসকললৈ লক্ষ্য কৰি কন্দুৱা গেছ, ৰাবাৰ বুলেট নিক্ষেপ কৰাত প্ৰতিবাদকাৰীসকল ছত্ৰভংগ হয় আৰু লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ আৰু ৰাবাৰ বুলেট নিক্ষেপ কৰাত পুৰুষ মহিলাকে ধৰি কমেও অৰ্ধশতাধিক প্ৰতিবাদকাৰী আহত হৈছিল। তদুপৰি প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত কোকৰাঝাৰ জিলাৰ ৬-৭ গৰাকী নিৰাপত্তাবাহিনীৰ জোৱানো আহত হৈছিল। উক্ত ঘটনাতে আৰক্ষীয়ে ৪৪ গৰাকী প্ৰতিবাদকাৰীক প্ৰথমে আটক কৰিছিল আৰু পৰবৰ্তী পৰ্যায়ত ১১গৰাকী প্ৰতিবাদকাৰীক জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।
ইপিনে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ চিবিআইৰ চাৰিজনীয়া দল এটা যোৱাকালি কোকৰাঝাৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাত এবিএমছুৱে তদন্ত প্ৰক্ৰিয়াক আদৰনি জনাইছে৷ কোনো ৰাজনৈতিক দলৰ ছত্ৰছায়াত যাতে তদন্ত প্ৰক্ৰিয়া থমকি নৰয় তাৰ প্ৰতি আহ্বান জনাই চিবিআইৰ দলে নিৰপেক্ষ তদন্তৰ জৰিয়তে লাফিকুল হত্যাকাণ্ডৰ তদন্ত চলাই নিলে বহু ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে এবিএমছুৰ কাৰ্যকৰী সভাপতি নজৰুল ইছলামে৷