
চামগুৰিঃ যোৰহাটৰ কৃষি বিশ্ববিদ্যালয় স্নাতক বৰ্ষৰ ৩১জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিগত দুটা মাহ পুৰনিগুদামত গৱেষনাৰ বাবে বাহৰ পাতি আছে৷ পুৰনিগুদামৰ কৃষকসকলৰ মাজত থাকি কৃষি কৰ্মত ব্যস্ত হৈ পৰিছিল ছাত্ৰ-ছাত্ৰীসকল৷ ছাত্ৰ-ছাত্ৰীসকল শুকুৰবাৰে পুৱা ১০বজাৰ পৰা বিয়লি ৪ বজালৈ কৃষকসকল মাজত সজাগতা বৃদ্ধিৰ বাবে পুৰনিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰাংগনত এক প্ৰদৰ্শনী আয়োজন কৰিছে গৱেষণাৰ ছাত্ৰ-ছাত্ৰীসকলে৷
যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও কৃষি বিশেষজ্ঞ, কৃষি বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনীত কৃষকসকলে কৃষি বিষয়ক আলোচনা আগবঢ়াব৷ প্ৰদৰ্শনীতে "মৃত্তিকা"নামৰ আলোচনীখন উন্মোচন কৰা হ'ব বুলি ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়ে৷ বৃহত্তৰ পুৰনিগুদামবাসীৰ উপস্থিতি ছাত্ৰ-ছাত্ৰীসকলে কামনা কৰিছে৷