বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত হাতে লিখা আলোচনী উন্মোচন

বিহালীঃ শুকুৰবাৰে বিহালীৰ অগ্ৰণী শিক্ষানুষ্ঠান লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিশেষ সভা এখন অনুষ্ঠিত হয়।  সমাজকৰ্মী তথা প্ৰাক্তন ৰাজ্যিক কৃতী শিক্ষক মহিধৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক জয়ন্ত হাজৰিকাই।

সভাত সেই বিদ্যালয়ৰে সদ্য প্ৰয়াত অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল শৰ্মাৰ মৃত্যুত এক মিনিট মৌন প্ৰাৰ্থনাৰে শোক প্ৰকাশ কৰে। সভাখনত সম্বর্ধনা জনোৱা হয় বিদ্যালয়খনৰ প্ৰাক্তন প্ৰধান শিক্ষক পূৰ্ণকান্ত চাহু আৰু অৱসৰ প্ৰাপ্ত শিক্ষক বিজ্ঞান দাস, কৰবী দত্ত কটকী, অশ্বিনী দাস, অৰুণ কুমাৰ চাহা, নগেন শৰ্মা আৰু ক্ষিৰোদ দাসক।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি  বিহালী স্নাতক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ হেমন্ত বৰাই ভাষন প্ৰদান কৰে। সভাত বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ চেষ্টাত আৰু পঞ্চম সংখ্যাক ২০১৭ বৰ্ষৰ হস্তলেখ আলোচনী "কবিকণ্ঠৰ" শুভ উন্মোচন কৰা হয়।