GST মানে কি? বিজেপিৰ মন্ত্ৰীয়ে কলে, ডাঙৰ ডাঙৰ বিষয়াই নাজানে মই কৈনেকৈ জানিম

ডিজিটেল ডেস্কঃ যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে GSTৰ কৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছে সেই সময়তে আহিছে এক আমোদজনক খবৰ৷ সমগ্ৰ দেশতে এতিয়া কেৱল GSTৰ চৰ্চা৷ বেপাৰী সকলৰ প্ৰতিবাদৰ বাবে চিন্তিত কেন্দ্ৰ চৰকাৰৰ লগতে ভাৰতীয় জনতা পাৰ্টী।তাতে আকৌ সন্মুখত গুজৰাটৰ নিৰ্বাচন৷ কিন্তু সাধাৰণ ৰাইজ বাদেই মন্ত্ৰীয়েও হেনো বুজি নাপাই GSTৰ অৰ্থ৷ এই কথা নিজেই প্ৰকাশ কৰিছে মধ্য প্ৰদেশ চৰকাৰৰ এজন মন্ত্ৰীয়ে৷

মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশে এখন বৈঠকত কয় ‘GST কি মই নিজেই ভালদৰে বুজি পোৱা নাই, গতিকে এই সম্পৰ্কত মই একো নকওঁ৷ ডাঙৰ ডাঙৰ বিষয়া সকলেই বুজি পোৱা নাই, সাধাৰণ বেপাৰী সকলে ক’ত বুজি পাব৷ GST এক সাঁথৰৰ খেল হৈ পৰিছে, লাহে লাহে সকলো বুজি পাব আৰু তেতিয়াহে সকলোৱে শান্তি পাব’৷

সকলোৱে জ্ঞাত যে GSTৰ কাৰণে কংগ্ৰেছ চৰকাৰে সদায় কেন্দ্ৰ চৰকাৰ খনক আক্ৰমণ কৰি আহিছে৷ কিন্তু এতিয়া বিজেপিৰ নিজ ঘৰৰ পৰাই যদি এনেধৰণৰ মন্তব্য আহে তেনেহলে দলটোৰ বাবে উত্তৰ দিয়াটো কঠিন হৈ পৰিব৷ গুজৰাটৰ নিৰ্বাচনত GST যেন এটা ডাঙৰ বিষয় হৈ পৰিছে৷ দেশত GST ক যিদৰে প্ৰয়োগ কৰিলে তাৰ বাবে গুজৰাটৰ বেপাৰীসকলৰ চৰকাৰখনৰ ওপৰত যঠেষ্ট ক্ষোভ আছে৷

আগন্তুক  বিধানসভা নিৰ্বাচনত গুজৰাটৰ বেপাৰীসকলৰ ভোট বিজেপিৰ বিপক্ষে যাব বুলি দলটো আতংকিত হৈ পৰিছে৷ কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়েও GSTৰ বিৰুদ্ধে মোডী চৰকাৰখনক আৰম্ভণিৰে পৰা সমালোচনা কৰি আহিছে৷ ৰাহুলে GSTক নতুন নামেৰে নামাকৰণো কৰিছে ‘গব্বৰ সিঙ টেস্ক’ বুলি৷