
তেজপুৰঃ দীৰ্ঘ দিন ধৰি ঐতিহ্যমণ্ডিত তেজপুৰ চহৰত বেদখল সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আছিল৷ একাংশ লোকে চহৰৰ মাজমজিয়াত অবৈধ দখল কৰি ব্যৱসায় কৰি আছিল৷
চহৰ খনৰ মাজ মজিয়াত অবৈধ ভাবে গঢ়ি উঠা দোকান সমূহে চহৰ খনৰ পৰিবেশ বিনষ্ট কৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে শুকুৰবাৰে তেজপুৰ জিলা প্ৰশাসনে চহৰখনত উচ্ছেদ অভিযান চলাই৷ প্ৰথমাৱস্থাত একাংশ লোকে উচ্ছেদত বাধা প্ৰদান কৰিছিল যদিও সকলো বাধা নেওচি প্ৰশাসনে ব্যৱসায় প্ৰতিষ্ঠান সমূহ উচ্ছেদ কৰিবলৈ সক্ষম হয়।