
গোৱালপাৰাঃ শুকুৰবাৰে পুৱতি নিশা গোৱালপাৰা জিলাৰ আগিয়াত সংঘটিত হ’য় ভয়াবহ পথ দুৰ্ঘটনা৷ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন অল্ট গাড়ীৰ খুন্দাত উঘালি পৰে এজোপা প্ৰকাণ্ড গছ৷ যাৰ ফলত পুৱাই হাহাকাৰ লাগে৷
জানিব পৰা মতে, বিজেপিৰ বালিজানা মণ্ডল সমিতিৰ নেতা কমল কৃষ্ণ সিংহ চৌধুৰীয়ে এএছ-১৮-ডি ৯৯৬৭ নম্বৰৰ অল্টৰে ৩৭নং ঘাই পথেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ গতিত পথৰ দাতিৰ গছত খুন্দা মাৰে৷ ফলত প্ৰকাণ্ড গছ জোপা উঘালি পৰে৷ অল্ট খনৰ ভিতৰত থকা চালকৰ লগতে মালিক কোমল কৃষ্ণ সিংহ চৌধুৰীয়ে গুৰুতৰভাৱে ভহত হয়।