
জোনাইঃ অৰুণাচল ভ্ৰমণ কৰিবলৈ আহিছে দেশৰ অভ্যন্তৰিণ জল পৰিবহন কৰ্তৃপক্ষৰ অধ্যক্ষা গুহা বিশ্বাসে।সম্প্ৰতি অৰুণাচল জল পৰিবহনৰ সম্ভাৱনা বিচাৰি অৰুণাচলৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰে বিষয়াগৰাকীয়ে।
অৰুণাচল স্থিত চিয়াং গেষ্ট হাউচত সাংবাদিকৰ সৈতে মত-বিনিময়ত অধ্যক্ষাগৰাকীয়ে ইতিমধ্যেই বহু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অভ্যন্তৰিণ জল পৰিবহন ব্যৱস্থা কৰাৰ আহ্বান জনায় বুলি কয়। অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীক পত্ৰৰ জৰিয়তে কামেং, লোহিত, দিবাং আৰু চিয়াং নদীক অভ্যন্তৰিণ জল পৰিবহনৰ অধ্যয়নৰ ব্যৱস্থা কৰা বুলি কয়।
আনহাতে অভ্যন্তৰিণ জল পৰিবহন বিভাগৰ কেন্দ্ৰীয় সচিব শশীভূষণ শুক্লই কেন্দ্ৰীয় চৰকাৰে তথ্যভিত্তিক অধ্যয়ন কৰি নদী সমূহত অভ্যন্তৰিণ জল পৰিবহন উন্নত কৰাৰ বাবে ৰাজ্য চৰকাৰক সাহাস্য প্ৰদান কৰিব আৰু সেই মতে উক্ত নদী সমূহত জল পৰিবহন ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
বৰ্তমানে অধ্যক্ষা গুহা বিশ্বাসৰ অধীনত পশ্চিম অৰুণাচল স্থিত নদী সমূহত জল পৰিবহন আৰু যাতায়তৰ বাবে উপযোগী ঠাই সমূহ ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে