
নগাঁওঃ যোৱা সাতটা দিনৰ ভিতৰত চোৰাং চিকাৰীয়ে ৰাজ্যত চাৰিটাকৈ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ পিছতেই যেন সক্ৰিয় হৈ পৰিল অসম আৰক্ষী৷ বিশেষকৈ নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীক জালত পেলাবলৈ তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হয়৷
যোৱা বুধবাৰে নগাও আৰক্ষীয়ে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চাৰিগৰাকী লোকে পলায়ণ কৰে৷ ৰাজ পথত গাড়ী এৰি পলায়ণ কৰা লোক কেইজনক শুকুৰবাৰে নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীয়ে কহিমাত আটক কৰবিলৈ সক্ষম হয় দুধৰ্ষ গঁড় চিকাৰী কেইটাক।
গঁড় চিকাৰী কেইটা হৈছে মণিপুৰৰ বুলি জানিব পৰা গৈছে৷ মণিপুৰৰ থাংচুংলিয়ান, পুঠ্যিয়ামুয়ান টংছিন আৰু মিজোৰামৰ লাল চাইনাক কহিমাৰ পৰা আটক কৰে নগাঁও আৰক্ষীয়ে। তিনিজনকে শুকুৰবাৰে নগাঁও আদালতত হাজিৰ কৰাই আৰক্ষীয়ে৷ তিনিও জনকে পাঁচ দিনৰ বাবে নগাঁও আৰক্ষীৰ জিম্মাত দিয়ে আদালতে৷
উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নগাঁও আৰক্ষীয়ে AS02-AG-3342 নম্বৰৰ এখন হুণ্ডাই গেটজ গাড়ীৰ পৰা জব্দ কৰিছিল AK-47, থ্ৰি নট থ্ৰি ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ৷ গাড়ী খনৰ পৰা পলায়ন কৰিছিল চাৰিজনকৈ লোকে। ইয়াৰে তিনিজনক কহিমাৰ পৰা আটক কৰে নগাঁও আৰক্ষীয়ে। গঁড় হত্যা সন্দৰ্ভত বহু তথ্য উদ্ধাৰ হ’ব বুলি আশা কৰিছে নগাঁওবাসীয়ে৷