
লংকাঃ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ নমাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷ কিন্তু সেই সন্তানেই পিছত অৱজ্ঞা কৰে মাতৃক৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়।
অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড কতো আশ্ৰয় নাপালেও মাতৃৰ কোলা কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত। মাতৃয়ে নিজে ভোকে পিয়াহে থাকি হলেও সন্তানক এমুঠি অন্ন যোগান ধৰে।
কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাত এটা প্রধান সমস্যাৰূপে দেখা দিছে একাংশ সন্তান নিজৰ বৃদ্ধ পিতৃ-মাতৃক অবহেলাৰ দৃষ্টিৰে চোৱাটো। বৃদ্ধ পিতৃ-মাতৃসকল সন্তানসকলৰ কাৰণে যেন এটা বোজাহে। আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠা হেতু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক দায়বদ্ধতা কমি আহিছে আৰু মানুহৰ আন্তৰিক মৰম-চেনেহৰ চিঙো চিঙো হৈছে।
তেনে এক অমানৱীয় হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাত। লংকাৰ লংকা পট্টিৰ গীতা দেৱী নামৰ মহিলা গৰাকী বিগত বহু দিন ধৰি নিজৰ মৰমৰ ঘৰখন এৰি পথৰ দাতিত কটাইছে অঘৰী জীৱন। জানিব পৰা মতে, বৃদ্ধা গৰাকী বহু দিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত। চিকিৎসাৰ অভাৱত বৃদ্ধা গৰাকীৰ শৰীৰৰ অংশ পছিবলৈ আৰম্ভ কৰিছে।
বৃদ্ধা গৰাকীয়ে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰি কয় যে, একোৰে অভাৱ নথকা তেওৰ তিনি পুত্ৰ ক্ৰমে সঞ্জীৱ, বাবুল আৰু পদ্মই তেওক ঘৰৰ পৰা উলিয়াই দিয়ে। যাৰ ফলত এনেদৰে এতিয়া অনাই বনাই ঘুৰি ফুৰি মৃত্যুৰ ক্ষণ গণিছে গীতা দেৱীয়ে। চিকিৎসা অথবা শুশ্ৰুষা কৰাৰ পৰিৱৰ্তে নিজ তিনি পুত্ৰই মাতৃক এনেদৰে মৰিবলৈ এৰি দিয়া ঘটনাই এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।