প্ৰকাশ কায়স্থক এন্টি কৰাপছন এণ্ড ক্ৰাইম কন্ট্ৰল সমিতিৰ সভাপতিৰ দায়িত্ব

ডিব্ৰুগড়ঃ সমগ্ৰ দেশত দুৰ্নীতি-অপৰাধ দিনে দিনে যেনেদৰে বাঢ়িছে৷ ঠিক তেনেদৰে বৃদ্ধি হোৱা নাই দুৰ্নীতি-অপৰাধ প্ৰতিৰোধ কৰাৰ উপায়৷ সৃষ্টি হোৱা নাই ব্যতিক্ৰম ধৰ্মী নতুন আইনৰ৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন্টি কৰাপচন ক্ৰাইম কন্ট্ৰল কমিটিৰ ৰাষ্ট্ৰীয় সমিতিয়ে জন্ম লগ্নৰে পৰাই দুৰ্নীতি আৰু অপৰাধ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰনৰ বাবে তীব্ৰ গতিত অভিযান অব্যাহত ৰাখিছে৷

দেশৰ বিভিন্ন ৰাজ্যত এই সমিতিৰ ৰাজ্যিক সমিতি গঠন কৰি দুৰ্নীতি-অপৰাধ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা হৈছে৷ ফলাফলো ভাল হৈছে৷ যাৰ ফল স্বৰূপে অসমতো সংগঠনটোৱে নতুন সভাপতি নিযুক্তি দিছে সংগঠনটোৱে৷ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ মুখ্য সাধাৰন সম্পাদক প্ৰকাশ কায়স্থক এন্টি কৰাপছন এণ্ড ক্ৰাইম কন্ট্ৰলৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি নিযুক্তি দিয়ে৷

ৰাষ্ট্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক তথা ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাজলাল সিং পেটেলে অসমত দ্ৰুত গতিত বৃদ্ধি পাই অহা দুৰ্নীতি-ভ্ৰষ্ট্ৰছাৰ, অপৰাধ, বিশেষকৈ মহিলাৰ ওপৰত চলোৱা নিৰ্যাতনৰ তীব্ৰ বিৰোধিতা কৰি মহিলাৰ নিৰাপত্তা অাৰু সুৰক্ষাৰ বাবে বিশেষ ভাবে Help Women Appৰ ব্যবস্থা কৰি এক নতুন দিগন্ত সুচনা কৰা হ’ব বুলি কয়৷ এই ক্ষেত্ৰত সমিতিৰ কেবাটাও কোষ যেনে মিডিয়া কোষ, মহিলা কোষ, আৰ টি আই কোষ, অপৰাধ কোষ গঠন কৰাৰ বাবে ৰাজ্যৰ নতুন সভাপতি প্ৰকাশ কায়স্থক নিৰ্দেশ দিয়ে৷