শিৱসাগৰৰ বাছা ছাৰৰ আত্মহত্যা

দিচাংমুখঃ এগৰাকী শিক্ষকে আত্মহত্যা কৰাৰ পূৰ্বে লিখি থৈ যোৱা এখ চিঠিয়ে তোলপাৰ লগাইছে শিৱসাগৰ জিলাত৷ শিৱসাগৰ প্ৰবীণ বৰুৱা নামৰ শিক্ষকগৰাকীয়ে অস্ত্ৰোপচাৰৰ বাবে টকা নোহোৱাৰ বাবেই আত্মহত্যা কৰা বুলি লিখি থৈ যায়৷ জানিব পৰা মতে, শুকুৰবাৰে স্কুলৰ পৰা শিৱসাগৰ চহৰৰ নিজৰ বাসগৃহলৈ আহে৷

তাৰ কিছু সময় পিছতে তেওঁৰ পত্নীয়ে স্কুলৰ চিপ লৈ থকাত অৱস্থাত প্ৰত্যক্ষ কৰে৷ প্ৰবীণ বৰুৱাই নিজৰ ৰোগৰ বাবে বহুতো যন্ত্ৰণা ভুগি আছিলে বুলি নিজৰ আত্মহত্যাৰ টোকাত লিখি থৈ যায়৷ লগতে তেওঁ নিজৰ প্রিয় সকলক কষ্ট দি নিজৰ ৰোগৰ চিকিৎসা নকৰিলে বুলি লিখি থৈ যায়।

প্ৰবীণ বৰুৱাক শিৱসাগৰৰ বেছি সংখ্যক লোকে বাচা ছাৰ হিচাপে চিনি পাইছিল৷ তেওঁ নিজৰ বাসগৃহত বহুতো ছাত্ৰ-ছাত্ৰীক ইংৰাজী শিক্ষা দিছিল৷ বাছা চাৰে আত্মহত্যাৰ টোকা লিখে ‘আত্মহত্যা মহাপাপ আৰু সৎ মানুহে কোনো পৰিস্থিতিত আত্মহত্যাৰ কথা নাভাবে আৰু ই কাপুৰুষালিৰ চিন’।