
খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়াত শুকুৰবাৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই এটি সমূহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে৷
খাৰুপেটীয়া নগৰৰ বাৰোৱাৰী পূজা মন্দিৰ চৌহদত সমূহীয়া ভৱন নিৰ্মাণৰ্থে ২৫ লাখ টকা সাংসদ ৰমেন ডেকাই সাংসদ পূজিৰ পৰা আগবঢ়ায়৷ শুকুৰবাৰে কেইবাশতাধিক লোকৰ উপস্থিতিত সাংসদ ৰমেন ডেকাই ভৱনটোৰ আধাৰশিলা স্থাপন কৰে।