
মোৰাঝাৰঃ শুকুৰবাৰে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ গৃহ জিলা হোজাইত শিলাদিত্য দেৱৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিতৰ্কিত মন্তব্য তথা সাম্প্ৰাদায়িক মন্তব্য দি অহাত ক্ষোভিত হৈ হোজাই জিলাৰ মোৰাঝাৰত একাংশ লোকে শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷
মোৰাঝাৰ কলেজৰ একাংশ ছাত্ৰ তথা ৰাইজৰ উদ্যোগত শিলাদিত্যৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্ল'গান দিয়ে পৰিলক্ষিত হয় ৷ শিলাদিত্যক গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ দাবী জনায় অন্যথাই পৰিস্থিতি ভয়ানক হ’ব বুলিকৈ প্ৰতিবাদকাৰীসকলে ইয়াৰ বাবে প্ৰশাসন দায়ি হ’ব বুলি সকীয়াই দিয়ে।