
মঙলদৈঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ পৰবৰ্ত্তী কথাছবি খনৰ নাম হয়তো ‘কেলেংকাৰী APSC’ হ’ব পাৰে৷ কিয়নো ৰাজ্য কপোৱা APSC কেলেংকাৰীক লৈ জুবিন গাৰ্গে নিৰ্মাণ কৰিব এখন অসমীয়া ছবি৷ মিচন চাইনা, প্ৰিয়াৰ প্ৰিয়ৰ পিচত এইবাৰ জুবিন গাৰ্গে নিৰ্মান কৰিব কাঞ্চনজংঘা। কাঞ্চনজংঘাৰ পিছত নতুন ছবি খন APSC কেলেংকাৰীৰ সন্দৰ্ভত নিৰ্মাণ কৰিব জুবিনে৷ শুকুৰবাৰে দৰং জিলাৰ
মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰীতি ফুটবল মেচত অংশ লৈ এই ঘোষনা কৰে জুবিনে গাৰ্গে। মোৰ পিতৃ এচিএছ আছিল বুলি কৈ সেই সময়ত দুৰ্নীতি নাছিল বুলি কয়। APSCৰ দৰে উচ্চ পৰ্যায়ৰ পৰীক্ষা সমূহ সৎ আৰু নিকা হোৱা উচিত বুলিও কয় জুবিনে। আনহাতে শিল্পীগৰাকীয়ে APSC কেলেংকাৰীত জড়িত থকা সকলক কঠোৰ শাস্তি বিহাৰ লগতে APSCৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰে।