
নগাঁওঃ ৰাজ্যত এতিয়া চলিছে বনজ সম্পদৰ মুকলি বেহা৷ বন্য জীৱ-জন্তুৰ হত্যা কৰি ছাল, দাত, নখ, খৰ্গ আদি বিক্ৰী কৰি একাংশ লোকে ব্যৱসায় কৰি অহাৰ সময়তে এইবাৰ এম্বুলেঞ্চনৰ ভিতৰত ইমু চৰাই উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ নগাঁও আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা ইমু চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
এম্বুলেঞ্চত ৰোগীৰ পৰিৱৰ্তে ইমু চৰাই সৰবৰাহ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হয় জিলা খনত। জানিব পৰা মতে, নিশা নগাঁৱৰ বৰঘাট আৰক্ষীয়ে নিয়মীয়া তালাচী চলোৱাৰ সময়তে ধৰা পৰে চৰাই দুটা। গুৱাহাটীৰ পৰা চতিয়া অভিমুখে গৈ থকা AS01-HC-3257 নম্বৰৰ এম্বুলেঞ্চখন চৰাই দুটা নি আছিল।
বৰঘাট আৰক্ষীয়ে চৰাই আৰু এম্বুলেঞ্চখন জব্দ কৰাৰ লগতে আটক কৰে দুলু আলি আৰু ইকবাল হুছেইন নামৰ দুজন লোকক। এম্বুলেঞ্চ খনৰ গৰাকী চতিয়াৰ ৰফিকুল হুছেইন বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ হাতীগাঁৱৰ মেচাৰ্চ সিজুবাৰী পেটছ হাউচৰ পৰা ইমু চৰাই দুটা এম্বুলেঞ্চ খনত কঢ়িয়াই অনা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।