কলিকতাত শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

কলিকাতাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য অতীজৰে পৰা বিশ্বৰ বিভিন্ন ঠাইত আছে৷ শংকৰদেৱৰ কৰ্মৰাজীৰ অপৰিসীম গুৰুত্ব সমাজ-জীৱনৰ বাবে আজিও অতুলনীয়৷ তাৰ মাজতে শংকৰদেৱৰ কৰ্মৰাজী জগত সভালৈ লৈ যোৱাৰ বাবে কাম কৰি অহা শ্ৰীমন্ত্ৰ শংকৰদেৱ কনচিয়াচনেচ চছাইটি অৱ ইণ্ডিয়াই কলিকতাত অনুষ্ঠিত কৰে এখন বিশেষ আলোচনা চক্ৰ৷

কলিকাতাৰ অৰবিন্দ ভৱনত শুকুৰবাৰৰ সন্ধিয়া ৫ বজাৰ পৰা মহাপুৰুষ শ্ৰীশ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত সাম্প্ৰতিক বিশ্বত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাসংগিকতা সন্দৰ্ভত আলোচনা কৰা হয়৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখত অসম সন্তান বৰ্তমান কলিকতাৰ প্ৰসিদ্ধ সাহিত্যিক গৌতম প্ৰসাদ বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ সভাপতি ৰিজু পাঠক, ড০ সুব্ৰত কুমাৰ চক্ৰৱতী, উপ-সভাপতি পশ্চিম বংগ অৰবিন্দ চছাইতি, বাংলা লিখক গুৰু বিশ্বাস, অসমৰ সাংস্কৃতিক কৰ্মী দয়াল কৃষ্ণ নাথ, কলিকতাৰ মণিষা শৰ্মা বৰঠাকুৰ উপস্থিত থাকি শংকৰদেৱৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে।

এই আলোচনা চক্ৰৰ পৰিচালনা কৰে শ্ৰী মন্ত্ৰ শংকৰদেৱ কনচিয়াচনেচ ছছাইটি অৱ ইণ্ডিয়াৰ সভাপতি ৰাজীপ দত্তই। শলাগৰ শৰাই আগবঢ়াই চছাইটিৰ সচিব কমল বৰাই। অনুষ্ঠানৰ আতঁধৰে প্ৰনৱ হাজৰিকাই। স্বাগত ভাষণ দিয়ে কলিকতাৰ চলচ্চিত্র পৰিচালক সুজিত চক্ৰৱতীয়ে। কলিকতাৰ বঙালী সম্প্ৰদায়ৰ শংকৰদেৱৰ অনুৰাগী লোকসকলে এই আলোচনা চক্ৰত উপস্থিত থকাৰ লগতে আলোচনা চক্ৰ অনুষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইতিমধ্যে শংকৰদেৱৰ সৃষ্টি-কৰ্মৰাজী বিশ্বৰ ভিতৰতে উল্লেখনীয় বুলি মন্তব্য কৰাৰ লগতে ইয়াক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অসমবাসীৰ লগতে আমিও অংশ লম বুলি মন্তব্য কৰে। কলিকতাত শংকৰদেৱৰ নামঘৰ আৰু সাংস্কৃতিক চৰ্চা কেন্দ্ৰ স্থাপনৰ চিন্তা-চচা কৰা বুলিও কয় কলিকতাৰ লোকসকলে৷