GNRCৰ হাৰ্ট কেয়াৰ চছাইটিয়ে থিয় দিলে বান পীড়িতৰ ওচৰত

আজাৰাঃ হাৰ্ট কেয়াৰ চছাইটি আৰু সেচ্ছাসেৱী সংগঠন ঐক্যতাৰ যুটীয়া উদ্যোগত আৰু জি এন আৰ চিৰ সহযোগত পলাশবাৰী সমষ্টিৰ নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুলত শনিবাৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুস্থিত হৈ যায়। পুৱা ৯ বজাত হৃদৰোগ সজাগতা সভাৰ জড়িয়তে হৃদ শৈল্য বিশেষজ্ঞ ডাঃ বিকাশ ৰায় দাসে হৃদৰোগ আৰু ইয়াৰ ওপৰত লব লগীয়া সজাগতা সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়।

বিদ্যালয়ৰ প্ৰধান শিক্ষক ধীৰেন কুমাৰৰ সভাপতিত্বত অনুস্থিত হোৱা সজাগতা সভাত উপস্থিত থাকে হাৰ্ট কেয়াৰ চছাইটিৰ উপ সভাপতি অৰূপ কুমাৰ দাস, GNRC ৰ জেষ্ঠ চিকিৎসক বিকাশ ৰয় সিং, বিশিষ্ট সমাজকৰ্মী তথা গোপীনাথ বৰদলৈৰ কনিষ্ঠ পুত্ৰ বলীন বৰদলৈ, স্বেচ্ছা সেৱী সংস্থা ঐক্যতা" ৰ সভাপতি ধৰ্মেন্দ্ৰ দাস, লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ লগত সংগতি ৰাখি হাৰ্ট কেয়াৰ চ'চাইটি আৰু "ঐক্যতা" ই দক্ষিণ কামৰূপৰ বানপীড়িত অঞ্চল নহিৰা গুইমাৰা ত ৫০ টা পৰিয়ালক বান সাহায্য প্ৰদান কৰাৰ লগতে উক্ত বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়।

এই স্বাস্থ্য শিৱিৰত অঞ্চলটোৰ প্ৰায় তিনিশতাধিক লোকক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰা হয়। হাৰ্ট কেয়াৰ চোছাইটি আৰু স্বেচ্ছাসেৱী ঐক্যতাই এই স্বাস্থ্য শিৱিৰ আয়োজন কৰা বাবে অঞ্চলটোৰ ৰাইজে ধন্যবাদ জ্ঞাপন কৰে।