
দেৰগাঁওঃ সদৌ অসম সাংবাদিক সন্থাই শিনবাৰে সম্বৰ্ধনা যাচে প্ৰবীণ সাংবাদিক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্র নাথ হাজৰিকাক।
গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লঠাগাঁৱত জন্মগ্ৰহণ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী মহেন্দ্র নাথ হাজৰিকাক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাজহুৱাভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
গোলাঘাট জিলা আজুৰ গোলাঘাটৰ যুৱ ছাত্র পৰিষদৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দ্বি-বাৰ্ষিক অধিবেশনত বিশেষ সম্বৰ্ধনা গ্ৰহণ কৰে বৰেণ্য সাংবাদিক ৰাকীয়ে।
আজুৰ জিলা সমিতিৰ সভাপতি দীপেন দত্তৰ সঞ্চালনত অনুষ্ঠিত হোৱা সভাত সম্বৰ্ধনা পত্র, চেলেং, জাপিৰে সম্বৰ্ধনা যাচে সাংবাদিকগৰাকীয়ে।
উল্লেখ্য যে, ভিতৰুৱা এলেকাত জন্মগ্ৰহন কৰিও অনেক প্ৰতিবন্ধকতা নেওচি "দৈনিক জনমভূমি" কাকতত দীৰ্ঘদিন ধৰি সংবাদসেৱী হিচাপে ব্ৰতী হৈ আছে হাজৰিকাই।
সমান্তৰালকৈ তেও বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ ৰাইজৰ মাজত বিশেষভাবে সমাদৰ লাভ কৰি আহিছে৷ অনুষ্ঠানটোত বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বহুকেইজন প্ৰবীন সাংবাদিকক আজুৱে শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰাত দেৰগাঁও অঞ্চলৰ ৰাইজে আজুক ধন্যবাদ জ্ঞাপন কৰ।