
ৰঙিয়াঃ পত্নীৰ মুখত এচিড ছটিয়াই হত্যাৰ চেষ্টা কৰি এবছৰে পলায়ণ কৰি থকা এগৰাকী যুৱকক শনিবাৰে আৰক্ষীৰ জালত পৰে৷ কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানা এলেকাৰ উদিয়ানাৰ চাইদুল ইছলাম ওৰফে বিতু নামৰ যুৱকজনক বাক্সা জিলাৰ কাউৰবাহা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ জানিব পাৰ মেত, কেই বছৰমান পূৰ্বে বাক্সা জিলাৰ কাউৰবাহাৰ ধুলাবড়ি গাঁৱৰ আৰ্চিনা বেগম নামৰ যুৱতীগৰাকীৰ সৈতে ৰঙিয়া উদিয়ানা গাঁৱৰ চায়েদুল নামৰ যুৱকজনে বিবাহপাশত আৱদ্ধ হয়।
বিয়াৰ প্ৰায় এবছৰ পিছত এটা পুত্ৰ সন্তানে জন্ম পায়৷ সন্তানটো জন্ম পোৱাৰ পিছৰে পৰা চায়েদুলে পত্নী আৰ্চিনাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। আৰ্চিনাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি পুত্ৰ সন্তানটোক লগত লৈ মাতৃ গৃহলৈ গুচি যায়। তাৰ কিছু দিন পিছতে অৰ্থাৎ ২০১৬ চনৰ ৮ আগষ্টৰ সন্ধিয়া প্ৰায় ৬.৩০ আৰ্চিনাই মাতৃ গৃহৰ এটা কোঠাত বহি থকা অৱস্থাত হঠাৎ স্বামী চাইদুলে এখন মটৰ চাইকেলৰে কোঠাটোত প্ৰবেশ কৰে৷ ঘৰৰ ভিতৰত প্ৰবেশ কৰিয়ে কোনোধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰি পকেটৰ পৰা এটি বটল উলিয়াই পত্নীৰ মুখ মণ্ডলত এচিড ছটিয়াই লগে লগে পলায়ন কৰে।
এচিড ছটিওৱাৰ পিছতে যন্ত্ৰনাত ছটফটাই চিঞৰ-বাখৰ কৰিব ধৰে৷ তাৰ পিছত ওচৰ-চুবুৰীয়া তথা পৰিয়ালৰ লোকে আৰ্চিনাৰ ততাতৈয়াকৈ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই। বহু দিন চিকিৎসালয়ত থকাৰ পিছত মহিলাগৰাকী সুস্থ হয়। তাৰ পিছত মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ন্যায়ৰ অপেক্ষাত আছিল৷ কিন্তু যোৱা এবছৰৰ মূৰকত নাটকীয়ভাবে স্বামী চায়েদুলক আৰক্ষীয়ে আটক কৰে। কাউৰবাহা আৰক্ষী চকাৰ ভাৰপ্ৰাপ্ত বিষয়া মুনিন দত্তই অভিযুক্ত স্বামী চাইদুলক আটক কৰিবলৈ পূৰ্বতে ৬ দিন আৰক্ষীয়ে তেওঁৰ বাসগৃহত অভিযান চলাই যদিওঁ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষ্ষম হোৱা নাছিল দিও শনিবাৰে জালত পৰ৷