
যোৰহাটঃ অৱশেষত জালত পৰিল দীপাৱলিৰ নিশা যোৰহাটত চিনামৰা আৰু পুলিবৰত গুলীয়া-গুলীৰ ঘটনাৰ সৈতে জড়িত লোক৷ গুলীয়া-গুলীৰ ঘটনাৰ অভিযোগত শুকুৰবাৰে নিশা ভোগদৈ আৰক্ষীয়ে গুৱাহাটীৰ হাতী গাঁৱৰ এটা পিজিৰ পৰা দুজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
ছাত্ৰ দুজন যোৰহাট AITৰ ছাত্ৰ তথা পুলিবৰ ভাতেমৰা গাঁৱৰ আম্লান বৰা আৰু একেখন গাঁৱৰে যিশু শৰ্মা৷ দুয়ো যৱকে দিপাৱলীৰ নিশা চিনামৰাৰ এটা চাহ ফেক্টৰীৰ গাণনিকক ধন দাবী কৰাৰ লগতে গুলিয়াই আহত কৰে৷ পাছত যুৱকজনে পুলিবৰত কোনো লোকৰ সৈতে কাজিয়াত লিপ্ত হৈ গুলী চালনা কৰিছিল৷ পিছত যুৱকজন যোৰহাটৰ পৰা পলাই গৈ গুৱাহাটীৰ হাতীগাঁৱৰ এটা পিজিত আত্মগোপন কৰি আছিল৷
আনহাতে যিশুক ভাতেমৰাৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। যোৰহাটৰ ভোগদৈ আৰক্ষী চকীৰ আৰক্ষী বিষয়া তথা তদন্তকাৰী বিষয়া গৌৰৱ চুতীয়াৰ নেতৃত্বত যোৱা দলে অম্লানক গ্ৰেপ্তাৰ কৰে। অৱশ্যে আৰক্ষীয়ে যুৱকজনৰ পৰা কোনো মৰাণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই৷ আৰক্ষী সুত্ৰে প্ৰকাশ কৰা মতে ২১বছৰীয়া ছাত্ৰজনে মাৰণাস্ত্ৰ ডিমাপুৰৰ পৰা আনিছিল। অভিযুক্ত ছাত্ৰজন চোৰাং অস্ত্ৰ ব্যৱসায়ত জড়িত বুলি সন্দেহ কৰা হৈছে।