
চামগুৰিঃ ৰাজ্যত এতিয়া বনজ সম্পদৰ মুকলি বেহা চলাৰ অভিযোগ উত্থাপন হৈছে৷ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ পৰা আৰম্ভ কৰি হাতী হত্যা এতিয়া যেন সাধাৰণ কথা৷ ৫ দিনৰ ভিতৰত চোৰাং চিকাৰীয়ে ৪টাকৈ গঁড় হত্যা কৰাৰ লগতে বিভিন্ন ঠাইত বিভিন্ন জীৱ-জন্তুৰ হত্যাকাণ্ড সংঘটিত হৈ আহিছে৷ তাৰ মাজতে নগাঁও জিলাৰ শালনা বন বিভাগে শুকুৰবাৰে নিশা অভিযান চলাই আমনি ৰাষ্ট্ৰীয় ঘাইপথৰে অবৈধভাৱে শিল কঢ়িওৱা এখন ড্ৰাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।
দীৰ্ঘদিন ধৰি জখলাবন্ধাৰ জনৈক নেৱাৰ নামৰ এজন লোকে চালান বিহীনভাৱে চোৰাংকৈ নিশা ড্ৰাম্পাৰত কাৰ্বি-আংলঙৰ ডলামৰাৰ পৰা শিল(বল্ডাৰ)সৰবৰাহ কৰা সন্দৰ্ভত শালনাৰ ভাৰপ্ৰাপ্ত বনাঞ্চলিক বিষয়া নেপাল চন্দ্ৰ মণ্ডলে এক গোপন তথ্যৰ ভিত্তিত খবৰ লাভ কৰি অভিযান চলাই। নিশা শালনা-শালবাৰীৰ বনৰক্ষীসহ বনবিষয়াগৰাকীয়ে অভিযান চলায়। অভিযান কালত নিশা প্ৰায় ১১-৩০ বজাত এ-এছ-০১-ই-চি-৬৫৫৫ নম্বৰৰ অবৈধ শিল ভৰ্তি ডাম্পাৰ খন জব্দ কৰে যদিও আন এখন ডাম্পাৰ পলাই যাবলৈ সক্ষম হয়।
বন বিভাগে জব্দ কৰা শিলৰ মূল্য পঞ্চাশ হাজাৰ টকা হ'ব বুলি অনুমান কৰিছে। জব্দ কৰা ডাম্পাৰ খন শালনা বনাঞ্চলিক কাৰ্যালয়লৈ নিশা লৈ যোৱা হয়।ইফালে, নগাঁও সদৰ ৰেঞ্জৰ বনকৰ্মীয়ে শনিবাৰে পুৱা অামোলাপট্টিত কলঙৰ সমীপৰ পৰা এটা বিশ কেজি ওজনৰ দুস্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছ উদ্ধাৰ কৰে। এজন ব্যক্তিয়ে বৰশী বাই থাকোতে বৰশীত মাছৰ সলনি দুস্প্ৰাপ্য প্ৰজাতিৰ বৰ কাছটো লাগি ধৰাত স্থানীয় প্ৰকৃতিপ্ৰেমী লোকে জানিব পাৰি বন বিভাগক খবৰ দিয়ে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ সময়তে বানপানীত দুস্প্ৰাপ্য কাছটো আহিব পাৰে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।