
চৰাইদেউঃ প্ৰায় চাৰি ঘন্টাৰ মূৰকত আৰক্ষীয়ে মুকলি কৰি দিলে আলোচনাপন্থী আলফাৰ নেতা জিতেন দত্ত সহিতে কেইবাজনো সতীৰ্থক৷ আলোচনাপন্থী আলফাৰ এটা দলে দেওবাৰে তিনিচুকীয়াৰ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাৰ সময়ত আৰক্ষীয়ে আলফা জিতেন দত্ত সহিতে ৫ জনক আটক কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ লগতে প্ৰশাসনে বহু বাধা দিয়াৰ পিছতো কোনো লোকে দুঘৰ লোকৰ ঘৰ জ্বলাই দিয়ে৷ তাৰ পিছতে উচ্ছেদৰ সমৰ্থনত শ-শ লোক উত্তেজিত হৈ পৰে৷ উত্তজিত লোকসকলে আন আন পৰিয়াল কেইটাৰ ঘৰত অগ্নি সংযোগ কৰিবলৈ উদ্যত হোৱাৰ সময়তে উপায়হীন হৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ পিছতে সমবেত একাংশ লোক ছত্ৰ ভংগ দিয়াত আলফা নেতা জিতেন দত্ত সহিতে দৰ্শপ্ৰাণ মান্য হাজৰিকা, নৱদ্বীপ বৰপাত্র গোহাঁই আন্টু চাওদাং আৰু ধীৰেণ ফুকণক তিনিচুকীয়া জিলাৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত লিডু অাৰক্ষীয়ে অাটক কৰে৷
আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ তাৰ পিছতে ৰাইজ পুনৰ ক্ষোভিত হৈ পৰে৷ উত্তেজিত ৰাইজে থানাৰ সন্মুথত সমবেত হোৱাৰ লগতে পথ অৱৰোধ কৰে৷ পথৰ দুয়োকাষে প্ৰায় ৫ কিঃ মিঃ পৰ্যন্ত যান-জোঁট লগাৰ লগতে থানা ঘেৰাও পথ অৱৰোধ কৰি উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল জিতেন দত্তৰ সমৰ্থকে৷ অৱশেষত প্ৰায় ৫ ঘন্টাৰ অন্তত জিতেন দত্তক বিনাচৰ্তে মুকলি কৰি দিবৈল বাধ্য হয় আৰক্ষী৷
আনহাতে, আলোচনাপন্থী আলফাৰএটা দলে দেওবাৰে তিনিচুকীয়াৰ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাৰ সময়ত আৰক্ষীয়ে আলফা জিতেন দত্তক সহিতে তিনি জনক আটক কৰাত চৰাইদেউত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম সুৰক্ষা সেনাই৷ সোণাৰি দৈনিক বজাৰত ধোদৰআলিত মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধি শ্ল’গান দি প্রতিবাদ সাব্যস্ত কৰে অসম সুৰক্ষা সেনাই। জিতেন দত্ত সহ সকলোকে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত সকৰে সংগনটোৱে। অন্যথা জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।