২০০ কাৰাটে খেলুৱৈই দিলে বেল্টৰ পৰীক্ষা

ৰঙিয়াঃ তীৰ্থ নগৰী হাজোত দেওবাৰে World Traditional Shotokan Karate Federationৰ অধিনৰ কামৰূপ জিলা শাখাৰ অধিনৰ প্ৰায় ২০০ কাৰাটে খেলুৱৈৰ কালাৰ বেল্টৰ পৰীক্ষা অনুষ্ঠিত হৈ যায়৷

পৰীক্ষাত অৱতীৰ্ণ হয় চেনচেই মণ্টু ওজাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কামৰূপ জিলা শাখাৰ প্ৰায় ২০০ কাৰাটে খেলুৱৈ।

পৰীক্ষা পৰিচালনা কৰে চেনচাই মজাহাৰুল ইছলাম, চেনচাই দিপাংকৰ মজুমদাৰ আৰু চেনচাই যুগল ডেকাই। অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক বিৰেন্দ্ৰ কুমাৰ দাস, হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিত দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট লোকে৷