
গোৰেশ্বৰঃ ৰাজনীতিত সকলো সম্ভৱ৷ খোৱা-কামোৰাৰ ৰাজনীতিত, দল বাগৰা ৰাজনীতিত সকলো সম্ভৱ৷ জাতক ধৰি গালি দিয়াৰ পিছতো নিৰ্বাচনৰ পূৰ্বে ইটো দলে সিটো দলৰ নেতাক আপোন কৰি লব ল’গা হয়৷ ৰাজনীতিত চিৰকালৰ শত্ৰুক মিত্ৰ কৰি লব লগা হয়৷ ইয়াৰ মাজতে ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে নতুবা সচাকৈয়ে হওক যোৱা কিছুদিন ধৰি বিজেপি আৰু বিপিএফৰ বাক যুদ্ধ খনে অসমৰ ৰাইজক বেচ আমোদ দি আহিছে৷ বাক যুদ্ধ খন বিটিএডিৰ বাহিৰত সংবাদ মাধ্যমত হে চলি আছিল৷
এই বাক যুদ্ধৰ বৰ বৰ নেতাসকলে অংশ লৈ আহিছে৷ কিন্তু লাহে লাহে যেন এই যুদ্ধ খনে বিটিএডি অঞ্চল শিপাইছে৷ যোৱা মঙলবাৰে শাসকীয় বিজেপিৰ বিটিএডিৰ চাৰিখন জিলাই হাগ্ৰামা মহিলাৰীৰ বৰঘৰত সংবাদ মেল অনুষ্ঠিত কৰি প্ৰত্যাহ্বান জনাই খোদ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰাকী৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ মাজত অব্যাহত থকা মতবিৰোধে তুংগত উঠাৰ সময়তে মঙলবাৰে চাৰি জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰীৰ জিলাৰ বিজেপিৰ জিলা সভাপতিসকলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক উভতি ধৰে।
উল্লেখ্য যে অনাগত নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মত প্ৰকাশৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে গৰজি উঠিছিল আৰু এয়া বিজেপি দলৰ মত নহয় বুলি দাবী কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে বিটিএডিৰ চাৰিখন জিলাৰ বিজেপিৰ চাৰি গৰাকী সভাপতি ক্ৰমে কোকৰাঝাৰৰ বিভূতি বৰগয়াৰী, চিৰাঙৰ বিপ্লৱ দেৱনাথ, বাক্সাৰ ৰাম দাহাল আৰু ওদালগুৰীৰ কাৰ্তিক বড়োৱে একত্ৰিতভাৱে কোকৰাঝাৰত এক সংবাদমেল অনুষ্ঠিত কৰি হাগ্ৰামা মহিলাৰীক উভতি ধৰে। বিটিএডিৰ চাৰি জিলাৰ সভাপতিসকলে মিত্ৰজোঁটৰ দল বুলিয়ে সদায় মিত্ৰজোঁট হৈ থাকিব লাগিব বুলি কোনো অৰ্থ নাই বুলি কয়।
বিটিএডিত কোন দলৰ ভেটি শক্তিশালী সেয়া সময়হে কব বুলি মন্তব্যৰে চাৰি জিলাৰ বিজেপি সভাপতিসকলে হাগ্ৰামা মহিলাৰীৰ যদি সাহস আছে তেন্তে ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি শক্তি পৰীক্ষা কৰি চাব পাৰে বুলি প্ৰত্যাহ্বান জনায়। এইবাৰ এই বাক যুদ্ধত যোগ দিছে বাক্সা জিলাৰ শুক্লাই-চেৰফাং পৰিষদীয় সমষ্টিৰ ই এম গণেশ কছাৰীয়ে৷ গণেশ কছাৰীয়ে বিপিএফ দলে আজিলৈ সকলোকে সহায় কৰি আহিছে বুলি কয়। কংগ্ৰেছ দলকো বিপিএফ দলে সহায় কৰিছিল বাবে শাসন চলাবলৈ সমৰ্থ হৈছিল। বিজেপি দলেও অগপ নতুবা বিপিএল দলৰ সহায় লৈহে শাসনৰ বাঘজৰী নিজৰ হাতত ল'ব পাৰিছে। কিন্তু আজিলৈ বিজেপি দলে বিটিএডিক কোনো গুৰুত্ব প্ৰদান কৰা নাই।
বৰং বিটিচিত অবাধ দুৰ্নীতি হৈছে বুলি কৈ আমাক ৰাজনৈতিক ভাৱে দুৰ্বল কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। যদি দুৰ্নীতি হৈছে তেন্তে তাৰ তদন্ত হওঁক বুলি ক্ষোভ প্ৰকাশ কৰে গণেশ কছাৰীয়ে। কিন্তু যি গৰাকী বিজেপি সভাপতিয়ে কোকৰাঝাৰত বিপিএফক শক্তিশালী কৰাৰ কথা কৈছিল এতিয়া বিটিচি নিৰ্বাচনত বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ কথা কৈছে। এয়া উচিত হোৱা নাই। বিপিএফৰ সহায় লৈ চৰকাৰ গঠন কৰি এতিয়া পাভলুটি মৰা বিজেপিকো যোগ্য প্ৰত্যুত্তৰ দিছে বিপিএফে। আগন্তুক ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিপিএফে কাৰো সহায় নলোৱাকৈ অকলে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে ই এম গণেশ কছৰীয়ে।
বিটিএডিৰ উন্নয়ন কেৱল বিপিএফে হে কৰিব পাৰে বুলি গুৰুত্বুপূৰ্ণ মন্তব্য কৰে গনেশে। ২৯নং বিটিচিৰ শুক্লাই-চেৰফাং সমষ্টিত চাৰিটাকৈ প্ৰধান মন্ত্ৰী গ্ৰাম চ়ড়ক যোজনাৰ পথৰ আধাৰশিলা স্থাপন কৰে। ঔবাৰী, ১নং পিপলেনী, ৩নং সুৱাগপুৰ আৰু ১নং সুৱাগপুৰ পথৰ আধাৰশিলা স্থাপন কৰি সংবাদদাতাৰে হোৱা বাৰ্তালাপত ই এম গৰাকীয়ে কোকৰাঝাৰৰ সাংসদ হীৰা শৰণীয়াকো কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ যোৱা সময়ছোৱাত দহ লাখ টকাৰো উন্নয়নমূলক কাম কৰা নাই বুলি অভিযোগ কৰে। ৰাইজে যি আশাৰে তেওঁক ভোট দিছিল সেয়া সাৰ্থক হোৱা নাই বুলি কয় কছাৰীয়ে। কম দিনৰ ভিতৰতে শুক্লাই নৈৰ ওপৰত নাওকাটা-নিজঝাৰগাঁও সংযোগী পথত বিটিচিৰ তৰফৰ পৰা ১ কৌটি ৪২ লাখ টকাৰে কাঠৰ দলং আৰু গান্ধীচ'ক-চেনীগাঁও পথত ৪ কৌটি ৪২ লাখ টকাৰে পকী দলংৰ কামৰো আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে৷