
দলংঘাটঃ নামধৰ্ম সমাজৰ বৃহৎ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ দৰং জিলাৰ সমিতিৰ মহাপুৰুষ গুৰুজনাৰ ৫৬৯সংখ্যক গুৰুজয়ন্তী দৰং জিলাৰ কেন্দ্ৰীয় নামঘৰ ভূড়াগড়ত অনুষ্ঠিত হয়।
অনুষ্ঠানত নামধৰ্ম সমাজৰ প্ৰাক্তন পদাধিকাৰ প্ৰদীপ ৰায় বৰুৱা, কলাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত ১৪টা গল্প সংকলিত নীলিমা ডেকা আইৰ "শান্তি সংযোগ" নামৰ গ্ৰন্থ উন্মোচন কৰা হয়।