গীত-কবিতাৰে জীপাল হ’ল অৰুনোদয় সাহিত্য চ'ৰাৰ বৈঠক

জাজৰিঃ সাহিত্য-সংস্কৃতি পৰম্পৰাৰ চৰ্চাৰ সাহিত্য অনুষ্ঠান নগাঁৱৰ অৰুনোদয় সাহিত্য চ'ৰাৰ সাহিত্য বৈঠক আৰু পূৰ্ণাংগ কাৰ্যনিবাহক দেওবাৰে অনুষ্ঠিত হয়। নগাঁৱৰ লক্ষীনগৰ স্থিত হোমিঅপেথিক কলেজ প্ৰেক্ষাগৃহত ভৱেশ মেধিৰ সভাপতিত্বত অনুষ্ঠিত সভাত সম্পাদক মুৰুলি বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত নগঞা কবি মায়া তালুকদাৰ, দিপ্তী বৰা, মনোজ কুমাৰ শৰ্মা, কল্পনা হাজৰিকা, ৰুলি খাটনিয়াৰ, ড০ গায়ত্রী দাস, দিপজ্যোতি কাকতি, কুমুদ শইকীয়া, ৰাজীৱ পায়েং, প্ৰদীপ কুমাৰ শইকীয়া, স্বপ্না কলিতা, কাৰুণ্য ভট্টাচাৰ্য, মৃদুপৱন বৰা, মুনীন্দ্ৰ শইকীয়া আৰু থগিত মহন্তই কবিতা পাঠ কৰে। শিল্পী দিগন্ত ভাগৱতী, সুনীল বৰা আৰু কল্পনা দেৱীয়ে গীত পৰিবেশন কৰা বৈঠকত "আধুনিক অসমীয়া কবিতা আৰু নৱকান্ত বৰুৱা" শীৰ্ষক প্ৰৱন্ধ পাঠ কৰে ৰাহুল দেৱ বৰদলৈয়ে।

বিশিষ্ট সমালোচক মৃদু পৱন বৰা সমিক্ষক হিচাবে উপস্থিত থকা সভাত ৰামধেনু যুগৰ গল্পকাৰ ভদ্ৰেশ্বৰ ৰাজখোৱা, হৰিদেৱ মহন্তৰ লগতে ডেৰ শতাধিল নবীন-প্ৰবীন লেখক-লেখিকা উপস্থিত থাকে। সভাত অৰুনোদয় সাহিত্য চ'ৰাৰ ২০১৭-১৮ বৰ্ষৰ বিভিন্ন উপ-সমিতিৰ ভিতৰত সাহিত্য সংকলন সম্পাদনা সমিতি সম্পাদক হিচাবে ৰাহুল দেৱ বৰদলৈ আৰু স্মৃতা কলিতা, সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক হিচাপে চিত্রদেৱ মহন্ত, সাংগঠনিক উপ-সমিতিৰ আহ্বায়ক হিচাবে ৰেৱ দাস, নিয়মীয়া বৈঠক উপ-সমিতিৰ আহ্বায়ক হিচাবে মৃদুপৱন বৰা আৰু প্ৰচাৰ উপ-সমিতিৰ আহ্বায়ক হিচাবে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক মনোনীত কৰে।