হোজাইত ৫০০ যুৱক-যুৱতীয়ে যোগ দিলে বিজেপিৰ যুৱ মৰ্চাত

লংকাঃ হোজাই জিলাৰ ১নং কাকীত দেওবাৰে শাসকীয় দল বিজেপিৰ যুৱ মৰ্চাৰ এখন যুৱ অভিবৰ্তন অনুষ্ঠিত হৈ যায়৷ কেইবা শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত কাকীৰ নাট্যচৰাৰ প্ৰাংগনত হোজাই জিলা যুৱ মৰ্চাৰ সভাপতি বিনয় কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হয় যুৱ অভিবৰ্তন৷

যুৱ অভিবৰ্তনত ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক জয়ন্ত শইকীয়া আৰু সম্পাদক ভিক্টৰ দাস, বিজেপি ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সত্য ৰঞ্জন বৰাই উদাত্ত ভাষণ প্ৰদান কৰে।

যুৱ অভিবৰ্তনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সত্য ৰঞ্জন বৰা, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্যা মৰমী মুদৈ আৰু ৰাজ্যিক পৰ্যায়ৰ বহু কেইজন বিষয়-ববীয়া লগতে হোজাই জিলা সমিতিৰ সভাপতি সমীৰ চক্ৰবৰ্তী, সাধাৰণ সম্পাদক অৰ্জুন মজুমদাৰ, উপ-সভাপতি অনুপ দে, পুজন চৰকাৰ, দেৱাশিষ দত্তই।

সভাত বামুনগাঁও মণ্ডলৰ প্ৰায় পাঁচ শতাধিক যুৱক-যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাত যোগদান কৰে বুলি জানিবলৈ দিয়ে বিজেপিৰ বামুনগাঁও মণ্ডলৰ সামাজিক মাধ্যম বিভাগৰ সংযোজক ৰূপ জ্যোতি হাজৰিকাই৷