
ডিজিটেল ডেস্কঃ মণিপুৰত সেনা বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত হয় সোমবাৰে পুৱাই৷ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৬৫ কিঃ মিঃ নিলগৰ চান্দেল চহৰত তথা সংঘটিত ভয়াবহ আইইডি আক্ৰমণ৷ বিস্ফোৰণত অসম ৰাইফলৰ দুগৰাকী জোৱান নিহত হোৱাৰ লগতে ৬গৰাকী জোৱানে গুৰুতৰ ভাবে আহত হয়৷
এগাৰকী সেনা জোৱান থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী চিকিৎসালয়ত নি থকাৰ পথত মৃত্যু হয় ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে মণিপুৰত৷ ম্যানমাৰ সীমান্তত সংঘটিত বিস্ফোৰণত নিহত সেনা দুগৰাকী ইন্দ্ৰ সিং আৰু চহান লাল বুলি জানিব পৰা গৈছে৷ পেট্ৰলিং কৰি উভতি আহি থকাৰ পথত কেম্প পোৱাৰ পূৰ্বে সেনাক লক্ষ্য কৰি কিছু নিলগত পথৰ দাতিৰ পৰা উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল এই ঘটনা৷ এতিয়ালৈ কোন উগ্ৰপন্থী এই ঘটনাৰ সৈতে জড়িত আছে এই কথা থিৰাং কৰিব পৰা নাই প্ৰশাসনে৷