দেওবাৰে ধীৰেণপাৰাৰ স্কুলত বাঘ, সোমাবাৰে হেঙেৰাবাৰীৰ স্কুলত হৰিণা

গুৱাহাটীঃ দেওবাৰে মহানগৰীৰ মাজমজিয়াৰ ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথৰ এখন বিদ্যালয়ত এটি নাহৰফুটুকী আবদ্ধ হোৱাৰ পিছত সোমবাৰে হেঙেৰাবাৰীৰ এল পি স্কুলত এটি হৰিণা আবদ্ধ কৰে স্থানীয় ৰাইজে৷ জানিব পৰা মতে, একাংশ লোকে হেঙেৰাবাৰীত বিচৰণ কৰা প্ৰত্যক্ষ কৰে হৰিণটোক৷ আতংকিত হৰিণাটোৱে অৱশেষত প্ৰাণৰ মমতাত দৌৰ মাৰি স্থানীয় এলপি স্কুলত প্ৰবেশ কৰে৷ 

তাৰ পিছতে কেইজনমান লোকে হৰিণাটোক আবদ্ধ কৰি ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষক খবৰ দিয়ে৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বাঘ-হৰিণা আদি ওলাই আহিছে যদিও বন বিভাগে সুৰক্ষিত কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ কেতিয়াবা কুঁৱাত পৰি থকা অৱস্থাত কেতিয়াবা ঘৰৰ ভিতৰত নতুবা কেতিয়াবা ৰাজ পথত বাঘ-হৰিণা প্ৰত্যক্ষ কৰে ৰাইজে৷ যোৱা কেইবাটাও বছৰ বছৰ ধৰি বাঘৰ ভয়ত আতংকৰ দিন পাৰ কৰিছে ৰাইজে৷ তাৰ মাজতে দেওবাৰে মহানগৰীত ৰাইজে এটি নাহৰফুটুকী এখন বিদ্যালয়ত আবদ্ধ কৰিছিল৷

খাদ্যৰ সন্ধানত বন অঞ্চলৰ পৰা জনাঞ্চলত নাহৰফুটুকীটোৱে শনিবাৰে নিশাৰ ভাগতে মহানগৰীৰ ধীৰেনপাৰা অঞ্চলত প্ৰবেশ কৰা বুলি প্ৰচাৰ হৈছিল৷ তাৰ পিছতে শংকিত হৈ পৰিছিল লোকসকল৷ দেওবাৰে নাহৰফুটুকীটোৱে জনবসতি এলেকাত বিচৰণ কৰাৰ লগতে চাৰিগৰাকী লোকক আক্ৰমণ কৰে৷ তাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ ততাতৈয়াকৈ একাংশ লোকে বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত লোকসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷

চাৰিগৰাকী লোকক আক্ৰমণ কৰাৰ পিছতে একাংশ লোকে হাতে হাতে টাঙোন লৈ বাঘটোক খেদি আহে৷ তাৰ পিছতে বাঘটোৱে ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথত বিচৰণ কৰে৷ কিছু সময় পিছত বহু লোক সমবেত হয়৷ নাহৰফুটুকীটোৱে সুবিধা বুজি ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথৰ দাতিৰ এখন বিদ্যালয়ত প্ৰবেশ কৰে বাঘটোৱে৷ বাঘটোৱে বিদ্যালয়ত প্ৰবেশ কৰাৰ পিছতে এগৰাকী লোকে মৰসাহ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে৷ ফলত এটি শ্ৰেণী কোঠাত নাহৰফুটুকীটো আবদ্ধ হৈ