নিশা জিলিকি উঠিব পাহাৰীয়া জিলা, ৮ কোটি টকা টকাৰ লাইট জ্বলাব তুলিৰামে

ডিফুঃ কাৰ্বি আংলং জিলা উজলি উঠিব পোহৰেৰে৷ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোনক সাকাৰ কৰিবলৈ উদ্যোগ গ্ৰহণ কৰিছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে৷ ডিফু চহৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে সোমবাৰে পুৱাৰে পৰা পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে একাধিক বিলাসী আৰু ব্যয়-বহুল আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷

ডিফু অসামৰিক চিকিৎসালয় খনে ভাৰত চৰকাৰৰ তৰফৰ পৰা পৰিষ্কাৰ হাস্পাতাল ৰূপে স্বীকৃতি পোৱাৰ পিছত এইবাৰ পাহাৰীয়া জিলাৰ সদৰ চহৰ খনক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু আটক ধুনীয়া কৰি তুলিবলৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এইবাৰ নগৰ পৰিকল্পনা আৰু হস্ত তাত-বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যবাহী সদস্য ৰতন টেৰণক সংগী হিচাপে লৈ সোমবাৰে চহৰ খনৰ ১০ টাকৈ ৱাৰ্ডত নিশা পোহৰাই তুলিবলৈ ৮ কোটি টকা ব্যয় সাপেক্ষে সৌৰ চাকিৰ ষ্ট্ৰীট লাইট স্থাপনৰ আধাৰ শিলা স্থাপন কৰে৷

মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে একাদিক্ৰমে ডিফুৰ ৰংথিয়াঙত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অধীনত ৮ কোটি টকা ব্যয় সাপেক্ষে ৮৫ হাজাৰ লিটাৰ ক্ষমতা সম্পন্ন ৰিজাৰ্ভৰ ৭নং ৱাৰ্ডলৈ সম্প্ৰসাৰিত পাইপ লাইনৰ আধাৰ শিলা স্থাপন, আমোলা পট্টীত ৯ কোটি টকা ধাৰ্য সাপেক্ষে ফিছাৰী লেকৰ আধাৰশিলা স্থাপন কৰে৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত ক্ৰমান্বয়ে ডিফু বিধান সভা সমষ্টিৰ বিধায়ক চুম ৰংহাঙ, ইএম ৰতন টেৰণ, প্ৰদীপ ৰংপি, এম এচি দৰচিং ৰংহাঙ, লুণচিং টেৰণ, ৰিছাৰ্ড টকবী, ৰামচিং তিমুঙ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ অভিযন্তা বিক্ৰম টেৰণ উস্থিত থাকে৷ ৰংথিয়াং গাঁৱৰ গাঁওবুঢ়াই ৰংথিয়াং ক' আৰু 'খ' ৰ সুবিধাৰ্থে বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ স্থাপন কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক অনুৰোধ জনায়৷ তুলিৰাম ৰংহাঙে ডিফুৰ নিৰ্মাণ হ’বলগীয়া ফিছাৰী লেকে শ্বিলঙৰ ফিছাৰী লেকতকৈও তিনিগুণ সোন্দৰ্যবৰ্দ্ধক হ'ব বুলি কৈ ডিফু চহৰৰ ১০টাকৈ ৱাৰ্ডত মুঠ ৬৬৭টা সৌৰ ষ্ট্ৰীট লাইট স্থাপন কৰা হ'ব বুলি কয়৷