বৰপথাৰত গণমঞ্চৰ উদ্যোগত ফুটবল প্ৰতিযোগিতা

বৰপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানী চাংপুলত গণমঞ্চৰ টেঙানী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতা৷

স্থানীয় টেঙানী খেলপথাৰত অহা ২২ নৱেম্বৰৰ পৰা প্ৰয়াত প্ৰাক্তন প্ৰধান শিক্ষক বুধিন্দনাথ ফুকন সোঁৱৰণী চলন্ত ট্ৰফী-প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা দল সমূহক ৯১০১৫৩৮১২৮-৭০০২৭১৩৩৯৭ যোগাযোগ কৰিবলৈ উদ্যোক্তাই আহ্বান জনায়৷