চোৰাং চিকাৰী ফেকু পৰিল জালত

চতিয়াঃ ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীৰ মৃত্যু হোৱাৰ খবৰ প্ৰচাৰ হৈ থকাৰ মাজতে চতিয়াত জালত পৰিল কুখ্যাত গঁড় চিকাৰী৷

চতিয়া আৰক্ষীৰ অভিযানত জালত পৰে আব্দুল আলি ওৰফে ফেকু নামৰ গঁড় চিকাৰীজন৷ এক গোপন সুত্ৰৰ পম খেদি চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চতিয়াত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আব্দুলক।

আব্দুল ওৰফে ফেকু বহু কেইটা গঁড় হত্যাৰ লগত জড়িত বুলি সন্দেব কৰে আৰক্ষীয়ে৷