
ফাইল ফটো
কোকৰাঝাৰঃ দেশৰ অইন প্ৰান্তৰ লগতে কোকৰাঝাৰতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মঙলবাৰে শিশু দিৱস উদযাপন কৰা দেখা যায়।
বেচৰকাৰী সংস্থা নেডান ফাউণ্ডেচনৰ উদ্যোগত কোকৰাঝাৰৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিশু দিৱসত কোকৰাঝাৰৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱা, আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু বিটিচিৰ যুৱ কল্যাণ আৰু খেল বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া যযনাবতি বসুমতাৰী। শিশু দিৱস উপলক্ষে শিশু সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়।