দেৰগাঁৱত মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত সামূহিক বিবাহ

দেৰগাঁওঃ এখন মণ্ডপত ১৪০ খন বিবাহ অনুষ্ঠিত হয় গোলাঘাটৰ দেৰগাঁৱত৷ বাহ্মণৰ মন্ত্ৰ আয়তিৰ উৰুলিৰ অতিথিৰ আশীৰ্বাদ লৈ দেৰগাঁও মাৰোৱাৰী ধৰমশালাত সম্পন্ন হ’ল ১৪০ খন বিবাহ। দেৰগাঁও মাৰোৱাৰী পঞ্চায়ত ধৰমশালাৰ চৌহদ আটক ধুনিয়াকৈ সজায় তোলা হয় বিবাহৰ বাবে।

পুৱাৰ পৰাই সাজি-কাচি অগণন লোকৰ আগমণ ধৰমশালা প্ৰাংগণলৈ। বিশাল মন্দপৰ বাহিৰৰ পৰাই উদুলি-মুদুলি পৰিৱেশ। বেণ্ডপাৰ্টিৰ সুৰত অনন্য পৰিৱেশ বিৰাজমান। মহিলাই হাতত তামোল-পানৰ বটা লৈ আদৰিছে অতিথিক।

দেৰগাঁৱৰ ধৰমশালাত অনুষ্ঠিত এই সামুহীক বিবাহৰ আয়োজনকৰে অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ দেৰগাঁও শাখাই। এই শাখাটোৱে দুই তিনিমাহ অহৰহ প্ৰচেষ্টাৰে প্ৰায় আঠ-ন লাখ টকা বাজেটেৰে এই অনুষ্ঠানৰ আয়োজন কৰে। ১৪০যোৰা বৰ-কইনাৰ বিবাহ সম্পন্ন হৈছে সকলোৰে প্ৰয়োজনীয় কাপোৰ গহনা অনান্য সামগ্ৰী লগতে যাতায়তৰ খৰছ অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনে ব্যয় কৰে।