
ফিল’বাৰীঃ উজনি অসমত মদ, জুৱা, ধপাতৰ প্ৰচলন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেলেংগুৰিত ৰাইজে অভিযান চলাই আবদ্ধ কৰিলে চাৰিজন ড্ৰাগছ সেৱনকাৰীক৷
জানিব পৰা মতে, চেলেংগুৰিত একাংশ লোকে ব্ৰাউন চুগাৰ, কানি আদিৰ ব্যৱসায় কৰিল অহা বুলি একাংশ লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয়৷ চেলেংগুৰিৰ হিমেল হাজৰিকা নামৰ লোকজনে বুধবাৰে নিজ ভৰতে সমীপৰ গন্ধৈগুৰি গাঁৱৰ থুনু মৰাণ, অৰূপ মৰাণ আৰু সুব্ৰত মহন্ত নামৰ তিনি যুৱকত তাঁত প্ৰায় পোন্ধৰশ টকাৰ ব্ৰাউন চুগাৰ বিক্ৰী কৰে৷
যুৱক কেইজে ব্ৰাউন চুগাৰ ক্ৰয় কৰি যুৱককেইজনে চেলেংগুৰি গাঁৱৰ ৰিজাৰ্ভ ফৰেষ্টত লুকুৱাই সেৱন কৰে ব্ৰউন চুগাৰ৷ তেনে অৱস্থাত গাঁও খনৰ লোকে প্ৰত্যক্ষ কৰে তিনি যুৱকক৷ গাঁওবাসীয়ে যুৱকক কেইজনক আবদ্ধ কৰি মাৰ-ধৰ কৰে৷ যুৱককেইজনে ব্ৰাউন চুগাৰ হিমেল হাজৰিকা নামৰ লোকজনৰ পৰা অনা বুলি স্বীকাৰ কৰে৷ লগে লগে স্থানীয় লোকে হিমল হাজৰিকা নামৰ লোকজনকো আবদ্ধ কৰে৷ অৱশেষত ৰাইজে চাৰিজনকে কাকপথাৰ আৰক্ষীক গতাই দিয়ে৷